চিৰাং, 8 আগষ্টঃ নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ প্ৰতিবাদত উত্তাল চিৰাং । এবছুৰ সৈতে প্ৰতিবাদত সহযোগ কৰিলে বড়ো সাহিত্য সভা,বড়ো সাংস্কৃতিক মঞ্চ, এন ডি এফ বি প্ৰগতিশীল, পিপলচ জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টকে আদি কৰি কেইবাটাও সংগঠন ৷ প্ৰায় তিনি সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ দাবী পৃথক বড়োলেণ্ড গঠনৰ ।
চিৰাঙত পৃথক ৰাজ্যৰ দাবীত এবছুৰ তিনি ঘন্টীয়া ধৰ্ণা - পিপলচ জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেন্ট
পৃথক ৰাজ্যৰ দাবীত এবছুৰ তিনি ঘন্টীয়া ধৰ্ণাত উত্তাল চিৰাং জিলা সদৰ কাজলগাঁও । আকৌ ডিভাইড আছাম 50/50 শ্ল'গানত উত্তাল চিৰাং ।
যদি লাডাখৰ লোক সকলক ন্যায় দিব পাৰে কেন্দ্ৰীয় চৰকাৰে তেন্তে দীৰ্ঘ 50 বছৰৰ পৰা আন্দোলন কৰা বড়ো সকলৰ সমস্যা কিয় সমাধান নকৰে বুলি প্ৰশ্ন উত্থাপন কৰে এবছু নেতৃত্বই ৷ আনহাতে, এবছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰৱক্তা জয়ন্ত বসুমতাৰীয়ে চিৰাঙৰ প্ৰতিবাদী ধৰ্ণাত অংশগ্ৰহণ কৰি কয় বড়ো সকলৰ সমস্যা বিটিচিৰ জৰিয়তে বড়ো সকলৰ সমস্যাৰ সমাধান নহয় । গতিকে পৃথক ৰাজ্য বড়োলেণ্ড গঠনৰ জৰিয়তে বড়ো সমস্যাৰ সমাধান সম্ভৱ বুলি কয় এবছুৰ নেতাজনে । তাৰোপৰি বড়োলেণ্ড গঠন নোহোৱালৈ পৃথক ৰাজ্যৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাৰ আন্দোলন চলিয়েই থাকিব বুলি মন্তব্য কৰে ৷