অসম

assam

ETV Bharat / state

Anti terrorism day: এবছুৰ উদ্যোগত চিৰাঙত সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন - Death Anniversary of ABSU Former President Jwhwlao Swmbla Basumatary

চিৰাঙৰ গয়বাৰীত এবছুৰ উদ্যোগত ২৬ সংখ্যক সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন(Death Anniversary of ABSU Former President Jwhwlao Swmbla Basumatary) ৷ সন্ত্ৰাসবাদ ৰোধ কৰাৰ বাবে এবছুৱে প্ৰয়াত সভাপতি শ্বৌমলা বসুমতাৰীৰ সোঁৱৰণত তেওঁৰ মৃত্যুৰ দিনটো সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে(ABSU Observes Anti Terrorism Day) ৷ ১৯৯৬ চনত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল এবছুৰ সভাপতিগৰাকীক ৷

ABSU Observes Anti Terrorism Day
এবছুৰ উদ্যোগত চিৰাঙত সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন

By

Published : Jul 30, 2022, 8:59 PM IST

চিৰাং, 30 জুলাই :চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিকটৱৰ্তী গয়বাৰীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত শনিবাৰে ২৬ সংখ্যক সন্ত্ৰাসবাদ বিৰোধী দিৱস উদযাপন কৰা হয়(ABSU Observes Anti Terrorism Day) ।

এবছুৰ উদ্যোগত চিৰাঙত সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন

এবছুৰ প্ৰয়াত সভাপতি শ্বৌমলা বসুমতাৰীক ১৯৯৬ চনত সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ পাছত নিখিল বড়ো ছাত্ৰ সন্থাই সন্ত্ৰাসবাদ ৰোধ কৰাৰ বাবে প্ৰয়াত নেতাগৰাকীৰ সোঁৱৰণত তেওঁৰ মৃত্যুৰ দিনটো সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে(ABSU Former President Jwhwlao Swmbla Basumatary) ৷ এই অনুসৰি পুৱা জৌহৌলীও শ্বৌমলা বসুমতাৰীৰ সমাধিত পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।

অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথ

প্ৰয়াত এবছুৰ সভাপতি শ্বৌমলা বসুমতাৰীৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণ কৰে তেখেতৰ সহধৰ্মিনী ভানুমতী বসুমতাৰী আৰু কন্যা ফামি বসুমতাৰীয়ে । অনুষ্ঠানত গণস্বাক্ষৰ আৰু মানৱ শৃংখলৰ জৰিয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৱল প্ৰতিবাদ সাব্যস্ত কৰা হয় । বিগত ১৯৯৬ চনৰ আজিৰ এই দিনটোতে কোকৰাঝাৰ চহৰৰ হাতিমাথা গাঁৱত সশস্ত্ৰ উগ্ৰপন্থীৰ দলে নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল তদানীন্তন এবছুৰ কেন্দ্ৰীয় সভাপতি শ্বৌমলা বসুমতাৰীক ।

এবছুৰ সভাপতি দ্বীপেন বড়ো

এবছুৰ আজিৰ এই "উদখাৰি বেৰেখা সান" অৰ্থাৎ সন্ত্ৰাসবাদ বিৰোধী দিৱস কাৰ্যসূচীত উপস্থিত থাকে বিটিচি প্ৰধান প্ৰমোদ বড়ো ৷ বিটিচিৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে দীৰ্ঘসময়ৰ বাবে বিটিচিত হত্যা-হিংসা চলি অহাৰ পাছত নিখিল বড়ো ছাত্ৰ সন্থাই সন্ত্ৰাসবাদ ৰোধ কৰাৰ বাবে এতিয়া সফল হোৱা বুলি প্ৰকাশ কৰে ৷ তেওঁ সকলো জাতি-জনগোষ্ঠীৰ লোকক এই দিশত আগুৱাই আহিবলৈ আহ্বান জনায় ৷

এবছুৰ উদ্যোগত চিৰাঙত সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন

বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে লগতে কয় যে, আজি বিটিচিত শান্তি বিৰাজ কৰিছে, কোনো উগ্ৰপন্থী সংগঠন নাই যদিও সমাজত চলি থকা সকলো ধৰণৰ অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে আমি মাৰবান্ধি থিয় দিব লাগিব ৷ তেতিয়াহে আমাৰ এই সন্ত্ৰাস বিৰোধী দিৱস সফল হ’ব । ইফালে এবছুৰ সভাপতি দ্বীপেন বড়োৱে এবছুৰ অহৰহ প্ৰচেষ্টাত সম্প্ৰতি বিটিচিত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে বুলি উল্লেখ কৰে ৷

বিটিচিত চলি থকা ডকাইতি আদিও যাতে নিৰ্মুল কৰি সম্পূৰ্ণ শান্তি প্ৰতিষ্ঠা কৰিব পাৰি সেয়া তেওঁলোকৰ আমাৰ মূল লক্ষ্য বুলি উল্লেখ কৰে এবছুৰ সভাপতিগৰাকীয়ে । তেওঁ লগতে কয় যে, আমি অনাগত দিনতো শ্বৌমলা বসুমতাৰী জীৱনাদৰ্শ জীয়াই ৰাখিবলৈ চেষ্টা কৰিম সমাজত স্থায়ী শান্তি প্ৰতিষ্ঠা বাবে । একেদৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথে বিটিচিত সন্ত্ৰাসবাদ চলাই অহা যুৱকসকলে অস্ত্ৰ-শস্ত্ৰ জমা দি এতিয়া শান্তি প্ৰক্ৰিয়ালৈ আহি উন্নয়নমূলক আঁচনিৰ কামত মনোনিৱেশ কৰিছে বুলি উল্লেখ কৰে ৷

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে, এয়া সমাজৰ বাবে এটা আদৰ্শ । ৰাজ্যখনত চাৰি হেজাৰোধিক যুৱকক চৰকাৰৰ তৰফৰ পৰা সংস্থাপন কৰা হৈছে ৷ গতিকে কেৱল মাত্ৰ বিটিচি নহয় সমগ্ৰ অসম বা দেশত এই আদৰ্শ বিয়পি পৰক আৰু সমাজৰ পৰা তথা দেশৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল হওক এয়াই সকলোৰে কাম্য হওক বুলি কয় হীৰেন নাথে ।

সন্ত্ৰাসবাদ বিৰোধী দিৱস উপলক্ষে এবছুৰ সভাপতি দ্বীপেন বড়োৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত প্ৰতিকূল বতৰকো নেওচি বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো, উপ-সভানেত্ৰী ৰমেলা ইছলাৰী, শ্বৌমলা বসুমতাৰীৰ সহধৰ্মিনী ভানুমতী বসুমতাৰী, সাহিত্য অকাডেমি বঁটাপ্ৰাপক হৰি নাৰায়ণ খাখলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিধায়ক জয়ন্ত বসুমতাৰী, লৰেন্স ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী সহিতে বড়ো জাতীয় বিভিন্ন দল সংগঠনৰ ভালেসংখ্যক অতিথি হিচাপে উপস্থিত থাকে ৷ অনুষ্ঠানটো আঁত ধৰে এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে ৷

লগতে পঢ়ক :BNSU Protest in Chirang: বড়োলেণ্ডক পৃথক ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবীত বনছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details