অসম

assam

ETV Bharat / state

এবছুৰ চিৰাং জিলা সমিতিৰ ১৫ সংখ্যক বাৰ্ষিক অধিৱেশন - এবছুৰ বাৰ্ষিক অধিৱেশন

এবছুক গালি নাপাৰিলে চন্দন ব্ৰহ্মৰ পেটত ভাত নাযায় লগতে এবছুৰ সৈতে সংঘাত কৰাতকৈ মন্ত্ৰীত্বৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ মন্ত্ৰী চন্দন ব্ৰহ্মক সকীয়াই দিয়ে প্ৰমোদ বড়োই ৷ ইয়াৰোপৰি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত চলি থকা আন্দোলনত এবছুৰ সম্পূৰ্ণৰূপে সমৰ্থন আছে যদিও কিছু অসুবিধাৰ কাৰণে প্ৰত্যক্ষভাৱে আন্দোলনত থাকিব পৰা নাই ৷

এবছুৰ অধিৱেশন
এবছুৰ বাৰ্ষিক অধিৱেশন

By

Published : Jan 10, 2020, 11:13 PM IST

চিৰাং, 10 জানুৱাৰী: বৃহস্পতিবাৰৰ পৰা ভাৰত-ভূটান সীমান্তৰ আমটেকাত অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ৰ চিৰাং জিলা সমিতিৰ ১৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় আৰু অন্তিম দিন ৷ শুকুৰবাৰে দলৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে চিৰাং জিলা সমিতিয়ে ৷ পৰৱৰ্তি সময়ত এই অধিবেশনত ছাত্ৰ সন্মীলন, কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাৰ লগতে সংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় ৷ এই অধিৱেশনত এবছুৰ নেতৃত্ববৰ্গৰ লগতে সকলো কৰ্ম-কৰ্তা উপস্থিত থাকে ৷

এবছুৰ বাৰ্ষিক অধিৱেশন

উল্লেখ্য যে, চিৰাং জিলা এবছুৰ এই অধিৱেশনত পুৰণি জিলা সমিতি ভংগ কৰি নতুন সমিটি গঠন কৰা হয় । ইয়াৰোপৰি অধিৱেশনখনৰ প্ৰতিনিধি সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে সমিতিয়ে। বিয়লি দুই বজাত খনিন্দ্ৰ বসুমতাৰীৰ সভাপতিত্বত কেন্দ্ৰীয় মুখপাত্ৰ জয়ন্ত বসুমতাৰীয়ে মুকলি সভাৰ উদ্ধোধনী কৰে। মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে এবছুৰ সভাপতি প্ৰমোদ বড়ো, নিৰ্দিষ্ট বক্তা হিচাবে থাকে এন ডি এফ বি (প্ৰ)ৰ নেতা গোবিন্দ বসুমতাৰী লগতে বড়ো জাতীয় বিভিন্ন দল সংগঠনৰ নেতৃত্ব । কেবাহেজাৰ লোকে অংশগ্ৰহন কৰে মুকলি সভাত ।

লগতে পঢ়ক: খেলো ইণ্ডিয়া, 2020 ত অসমৰ হৈ উপাসাৰ প্ৰথমটো পদক দখল

বিগত ৭ জানুৱাৰীত চিৰাঙৰ দৈজিং উৎসৱৰ সামৰণি অনুষ্ঠানত জাতীয় সংগঠন এবছুক মন্ত্ৰী চন্দন ব্ৰহ্মই গালি দিয়াৰ প্ৰত্যুত্ততৰ উক্ত সভাত উপস্থিত হৈ নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ৰ সভাপতি প্ৰমোদ বড়োৱে মন্ত্ৰী চন্দন ব্ৰহ্মক উদ্দেশ্যি সংবাদ মাধ্যমৰ আগত বিভিন্ন মন্তব্য কৰে ৷ এবছুক গালি নাপাৰিলে চন্দন ব্ৰহ্মৰ পেটত ভাত নাযায় লগতে এবছুৰ সৈতে সংঘাত কৰাতকৈ মন্ত্ৰীত্বৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ মন্ত্ৰী চন্দন ব্ৰহ্মক সকীয়াই দিয়ে প্ৰমোদ বড়োই ৷ ইয়াৰোপৰি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত চলি থকা আন্দোলনত এবছুৰ সম্পূৰ্ণৰূপে সমৰ্থন যদিও কিছু অসুবিধাৰ বাবে প্ৰত্যক্ষভাৱে আন্দোলনত থাকিব পৰা নাই বুলি মন্তব্য কৰে প্ৰমোদ বড়োই ৷ আনহাতে সংবাদ মাধ্যমৰ আগত ট্ৰাইবেল বেল্ট আৰু ব্লকক লৈয়ো বহু তথ্য দাঙি ধৰে ছাত্ৰনেতাগৰাকীয়ে ৷ উচ্চ ন্যায়ালয়ে ৰায় দান কৰাৰ পিচতো ট্ৰাইবেল বেল্ট আৰু ব্লকক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আৰু এই সমস্যা বহু দশকৰ বুলি কয় প্ৰমোদ বড়োই ৷

ABOUT THE AUTHOR

...view details