চিৰাং, 29 ডিচেম্বৰঃচিৰাঙৰ বিজনী আঞ্চলিক সমিতি নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৪ তম বাৰ্ষিক অধিৱেশন । বিজনীৰ অক্সিগুৰীত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয় এই অধিৱেশন । নৱ গঠিত সমিতিৰ এওশ্ৰাং বসুমতাৰীক সভাপতি আৰু ৰোমান বসুমতাৰীক সম্পাদক হিচাবে নিৰ্বাচিত কৰে । মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এবছুৰ সভাপতি প্ৰমোদ বড়ো ৷ লগতে উপস্থিত থাকে এবছুৰ বহু সংখ্যক কৰ্মকৰ্তা । মুকলি সভাত এবছুৰ উদ্যোগত আয়োজিত টেলেণ্ট চাৰ্চত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে উলুবাৰী হাইস্কুলৰ শিক্ষক মনিৰাম বসুমতাৰীক আদৰ্শ শিক্ষক আৰু অমিত বসুমতাৰীক আদৰ্শ খেতিয়ক হিচাপে সম্বৰ্দ্ধনা প্ৰদান কৰে এবছুয়ে ।
চিৰাঙত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৪ তম বাৰ্ষিক অধিৱেশন - নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৪ তম বাৰ্ষিক অধিৱেশন
বিজনীৰ অক্সিগুৰীত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয় এই অধিৱেশন । নৱ গঠিত সমিতিত এওশ্ৰাং বসুমতাৰীক সভাপতি আৰু ৰোমান বসুমতাৰীক সম্পাদক হিচাবে নিৰ্বাচিত কৰে ।
চিৰাঙত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৪ তম বাৰ্ষিক অধিৱেশন
একেদৰেই চিৰাং জিলাৰ ৰৌমাৰী আঞ্চলিক সমিতিৰ অধিৱেশন অনুষ্টিত হয় ৰৌমাৰী সমুহীয়া প্ৰেক্ষাগৃহত । ইয়াতো এবছু সভাপতি প্ৰমোদ বড়োৰ লগতে জিলা সভাপতি খনিন্দ্ৰ বসুমতাৰী উপস্থিত থাকে । এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে কয় যে, চৰকাৰৰ অৱহেলাৰ বাবেই আজি খিলঞ্জীয়া লোক সকলে নিজৰ অস্থিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি থাকিবলগীয়া হৈছে । চৰকাৰে জনসাধাৰনৰ দাবীক আওকান কৰা বুলিও অভিযোগ কৰে নেতা জনে ।