চিৰাং, 30 জুলাই :শুকুৰবাৰে চিৰাঙৰ (chirang) বাসুগাঁওৰ গয়বাৰীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ(ABSU) ২৫ সংখ্যক সন্ত্ৰাস বিৰোধী দিৱস উদযাপন । উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দুজনকৈ মন্ত্ৰী ক্ৰমে ৰণজিৎ কুমাৰ দাস, উৰ্খাউ গৌৰা ব্ৰহ্ম ৷ লগতে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োসহ বিটিআৰৰ কেইবাজনো কাৰ্যবাহী সদস্য । শুকুৰবাৰে পুৱা ৮.৩০ মিনিটত এবছুৰ সভাপতি দ্বিপেন বড়োৱে এবছুৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।
উল্লেখযোগ্য যে, চিৰাঙৰ গয়বাৰীত অনুষ্ঠিত হৈছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ(ABSU) ২৫ সংখ্যক সন্ত্ৰাস বিৰোধী দিৱস । এবছুৰ প্ৰাক্তন সভাপতি জৌহৌলাউ সোম্বলা বসুমতাৰী বিগত ১৯৯৬ চনৰ আজিৰ দিনটোতে উগ্ৰপন্থীৰ হাতত নিহত হৈছিল আৰু সেই দিনাৰ পৰা 30 জুলাইৰ দিনটোক এবছুয়ে সন্ত্ৰাস বিৰোধী দিৱস হিচাবে উদযাপন কৰি আহিছে । এবছুৰ সভাপতি দ্বিপেন বড়োৱে অনুষ্ঠানত উপস্থিত হৈ কয় যে, এবছুৰ এই দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত সাৰ্থকতা লাভ কৰিবলৈ সক্ষম হৈছে । বিটিআৰৰ সকলো উগ্ৰপন্থী সংগঠন মূল সুঁতিলৈ ঘুৰি অহাত সন্ত্ৰাসবাদৰ সমস্যাৰ পৰা মুক্ত হৈছে বিটিআৰ অঞ্চল ।
লগতে তেওঁ কয়, সমাজত এতিয়া অস্ত্ৰৰ সন্ত্ৰাস নাথাকিলেও ড্ৰাগছৰ সন্ত্ৰাস আছে । ড্ৰাগছে যুৱ সমাজ ধ্বংস কৰি আছে । গতিকে আমি সকলো ধৰণৰ সমাজবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে থিয় দিব লাগিব ৷ ইপিনে পুৱা দহ বজাত অনুষ্ঠানত গৈ উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (HIMANTA BISWA SARMA) । মুখ্যমন্ত্ৰী গৰাকীয়ে জৌহৌলাউ সোম্বলা বসুমতাৰীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাই মুকলি সভাত অংশগ্ৰহণ কৰে । সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সন্ত্ৰাসবাদ তথা উগ্ৰপন্থী সমস্যা নিৰ্মূলকৰণৰ বাবে এবছুয়ে দীৰ্ঘদিনৰ পৰাই সংগ্ৰাম অব্যাহত ৰাখিছিল । যাৰ ফলশ্ৰুতিত আজি উগ্ৰপন্থী সমস্যা দূৰ কৰিবলৈ সক্ষম হৈছে বিটিআৰ অঞ্চলত ।