অসম

assam

By

Published : Jul 13, 2020, 5:14 AM IST

ETV Bharat / state

অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী এবছু-এবিএমছুৰ

চিৰাঙত দেওবাৰে পৃথকে পৃথকে নিখিল বড়ো ছাত্ৰ সন্থা আৰু সদৌ বিটিচি সংখ‍্যালঘু ছাত্ৰ সন্থাই বানপিড়িত অঞ্চল ভ্ৰমণ কৰে । অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় সমস‍্যা ঘোষণাৰ দাবী জনোৱাৰ লগতে বিজ্ঞানসন্মত ভাৱে এই সমস‍্যাৰ সমাধানৰ দাবী জনায় দুয়োটা ছাত্ৰ সংগঠনে ।

assam flood
assam flood

চিৰাঙ, 12 জুলাই : পৃথকে পৃথকে চিৰাং জিলাৰ বিজনী মহকুমাৰ বানপিড়িত অঞ্চল ভ্ৰমণ কৰে নিখিল বড়ো ছাত্ৰ সন্থা(এবছু) আৰু সদৌ বিটিচি সংখ‍্যালঘু ছাত্ৰ সন্থা(এবিএমছু)য়ে । এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় সমস‍্যা ঘোষণাৰ লগতে অসমৰ বানৰ বাবে কেন্দ্ৰীয় চৰকাৰক পৃথকে পুঁজি আদায় দিয়াৰ দাবী জনায়। লগতে বিজ্ঞান সন্মত ভাৱে অসমৰ বান সমস‍্যা সমাধান কৰাৰ দাবী জনায় ।

বানপিড়িত অঞ্চল ভ্ৰমণ নিখিল বড়ো ছাত্ৰ সন্থাৰ

বিজনী জিলা এবিএমছুৰ সভাপতি মেহদি হাছানে কয় যে বিজ্ঞান সন্মতভাৱে এই বান আৰু গৰাখহনীয়া সমস‍্যা সমাধানত চৰকাৰৰ হেমাহিৰ অভিযোগ কৰি কয় যে অসমৰ বান সমস‍্যাক খিৰতী গাইৰ দৰেই ভাৱিছে চৰকাৰে । প্ৰতি বছৰেই বাঢ়নী পানী হয় আৰু বালিৰ মথাউৰি সাজি চৰকাৰৰ বিষয়া নেতা-মন্ত্ৰীয়ে টকা লুটে ।

অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী এবছু-এবিএমছুৰ

অসমৰ বান সমস‍্যাক লৈ দীৰ্ঘ দিনৰ পৰাই ৰাজনীতি হৈ আহিছে । এই সমস‍্যাৰ স্থায়ী সমাধান কোনো এখন চৰকাৰেও বিচৰা নাই । নহ'লে ৰাষ্ট্ৰীয় সমস‍্যা ঘোষণা কৰাতো ইমান কঠিন কাম কিয় হৈ পৰিল বুলি প্ৰশ্ন তোলে ছাত্ৰ নেতাজনে ৷ অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হ'ব পাৰে ইয়াৰ সমস‍্যা কিয় ৰাষ্ট্ৰীয় সমস‍্যা নহয় এই প্ৰশ্ন বহু দল-সংগঠনে দীৰ্ঘ দিনৰ পৰাই কৰি আহিছে ।

লগতে পঢ়ক :বৰ্ষীয়ান আলফা নেতা লেঃ কৰ্ণেল মন্টু অসমৰ আত্মসমৰ্পন

ABOUT THE AUTHOR

...view details