অসম

assam

ETV Bharat / state

কাজলগাঁৱত এবিএমছুৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট - কাজলগাঁৱত এবিএমছুৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট

সোমবাৰে চিৰাঙৰ কাজলগাঁৱত এবিএমছুয়ে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বি.টি.আৰৰ প্ৰতিটো ভূমিহীন আৰু ভূমি পট্টাহীন পৰিয়ালক ভূমি আৰু ভূমিপট্টা প্ৰদান কৰা ,বিদেশী ন্যায়াধীকৰণ ইত্যাদি বহুকেইটা দাবীৰ সমৰ্থনত এবিএমছুয়ে এই তিনিঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ( ABMSU 3 hour demonstration at Chirang) ৷

abmsu-3-hour-demonstration-at-chirang
কাজলগাঁৱত এবিএমছুৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট

By

Published : Mar 28, 2022, 9:57 PM IST

চিৰাং, 28 মাৰ্চ :সোমবাৰে চিৰাঙৰ কাজলগাঁৱত এবিএমছুয়ে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বি.টি.আৰৰ প্ৰতিটো ভূমিহীন আৰু ভূমি পট্টাহীন পৰিয়ালক ভূমি আৰু ভূমিপট্টা প্ৰদান কৰা ,বিদেশী ন্যায়াধীকৰণ, সীমান্ত আৰক্ষীৰ দ্বাৰা আৰু ' ডি ' ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত চলা অন্যায় বন্ধ কৰা ইত্যাদি ভালেকেইটা দাবীৰ সমৰ্থনত এবিএমছু (All BTAD Minority Student Organisation) য়ে এই তিনিঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (ABMSU strike in Chirang) ৷

কাজলগাঁওত এবিএমছুৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট

লগতে বি.টি.আৰত বিগত সময়ছোৱাত সংঘটিত বিভিন্ন নৃগোষ্ঠীয় সংঘর্ষ, উগ্ৰপন্থীৰ আক্ৰমণ তথা বিভিন্ন ৰক্তপাতজনিত ঘটনাত ক্ষতিগ্ৰস্ত সংখ্যালঘু পৰিয়াল সমূহক সম্পূর্ণ পুনঃসংস্থাপন আৰু সম্পূর্ণ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা, চূড়ান্ত এন.আৰ.চিত নাম অন্তর্ভূক্তকৰণৰ বাবে আবেদন কৰা সকলক ৰাষ্ট্ৰীয় পৰিচয়পত্ৰ আৰু নাম বাদ পৰা আবেদনকাৰীসকলৰ বাবে আপীলৰ প্ৰক্ৰিয়া আৰম্ভ কৰা, ঠিকাভিত্তিক টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু বি.টি.চিৰ টেট উত্তীর্ণ প্ৰার্থীসকলক শীঘ্ৰেই নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা, বি.টি.চিত শীঘ্ৰেই সংখ্যালঘু উন্নয়ন বৰ্ড গঠন কৰা আদি দাবীৰ সমৰ্থনত এবিএমছুয়ে এই তিনিঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

সোমবাৰে 11 বজাৰ পৰা আৰম্ভ হোৱা এই তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত এবিএমছুৰ চিৰাং জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি আশ্ৰাফুল হুচেইন ( ABMSU President Asraful Hussain), সাধাৰণ সম্পাদক টাইচন হুচেইন (General secretary Taison Hussain) সহ কেন্দ্ৰীয় সমিতিৰ কেবাজনো সদস্যই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :ৰাজ্যসভাৰ যুঁজত বিজয়ক লৈ নিশ্চিত ভূপেন বৰা ; কংগ্ৰেছৰ সভালৈ নাহিল শ্বেৰমান

ABOUT THE AUTHOR

...view details