অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীঃ এবি এমছুৰ

অখিল গগৈক আক্ৰোশমূলকভাৱে বন্ধি কৰি ৰাখিছে অসম চৰকাৰে, এই অভিযোগ উত্থাপন কৰিছে এবিএমছুৱে ৷ অখিল গগৈক অনতিপলমে মুক্তিৰ দাবী সংগঠনটোৰ ৷

By

Published : Apr 26, 2020, 1:24 PM IST

abmsu demand to release akhil gogoi
অখিল গগৈৰ মুক্তিৰ দাবীঃ এবি এমছুৰ

চিৰাঙ 26 এপ্ৰিলঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ অন্যতম নেতৃত্ববহনকাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈসহ ধৈৰ্য কোৱৰ,বিতু সোণোৱাল,মানস কোঁৱৰৰ মুক্তিৰ দাবী উত্থাপন কৰিছে এবিএমছুৱে। চৰকাৰে সম্পূৰ্ণ আক্ৰোশমূলকভাৱে অখিল গগৈসহ সহযোগীসকলক আইন আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰি ষড়যন্ত্ৰমূলকভাৱে ইটোৰ পিছত সিটো গোচৰত গ্ৰেপ্তাৰ কৰি কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে

অখিল গগৈৰ মুক্তিৰ দাবীঃ এবি এমছুৰ

অসমীয়া জাতীয় জীৱনৰ লগত সংপৃক্ত বিভিন্ন বিষয়ত আপোচবিহীনভাৱে মাত মাতি অহা,শোষিত-নিপিড়ীত জনগণৰ অধিকাৰৰ কথা বলিষ্ঠভাৱে উত্থাপন কৰি অহা তথা বিভিন্ন সময়ত চৰকাৰৰ জনবিৰোধীৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহা অখিল গগৈক যে চৰকাৰে কোনোপধ্যেই মুকলি আকাশৰ তললৈ আহিব দিব বিচৰা নাই আৰু স্বেচ্ছাচাৰী শাসনৰ পৰিচয় দি যে এটাৰ পিছত এটা গোচৰ জাপি দিছে সেই কথা অসমৰ সচেতন সংগ্ৰামী জনগণে বুজি উঠিছে বুলি হুছেইনে স্পষ্ট কৰি দিয়ে । দল-মত নিৰ্বিশেষে প্ৰতিজন অসমবাসীয়ে,বৌদ্ধিক সমাজে, ছাত্ৰ সমাজে অখিল গগৈ আৰু সহযোগীসকলক ৰাজনৈতিক কাৰণত বন্দী কৰি থোৱাৰ পৰা মুক্তি বিচাৰিছে বুলি কয় এবি এমছুৰ সম্পাদক গৰাকীয়ে ৷ এই বিষয়ে সংগ্ৰামৰ পথাৰৰ পৰাই গৈ মুখ্যমন্ত্ৰীৰ আসনত বহা সৰ্বানন্দ সোণোৱালক বিশেষ গুৰুত্ব দি ব্যৱস্থা গ্ৰহণ কৰিবলৈ এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে আহ্বান জনাই। উল্লেখযোগ্য যে এবিএমছুৱে বিটিএডি অঞ্চলত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে আৰু অখিল গগৈৰ মুক্তিৰ দাবীটো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷


লগতে পঢকঃ জনীয়াৰ কুহিয়াঁৰ খেতিয়কৰ দুৰ্দশা

ABOUT THE AUTHOR

...view details