অসম

assam

By

Published : Dec 14, 2019, 2:11 PM IST

ETV Bharat / state

চিৰাং জিলাত তীব্ৰ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতীকী শৱদেহ লৈ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বিজনী নগৰ পৰিভ্ৰমণ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ বিজেপি চৰকাৰ বিৰোধী শ্ল'গানেৰে আইনখন কোনো পধ্যেই মানি লোৱা ন'হব বুলি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে ৷

aasu protest against caa in chirang
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ছাত্ৰ সন্থাৰ

চিৰাং , 14 ডিচেম্বৰঃ সমগ্ৰ অসমৰ লগতে চিৰাঙত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ বিতৰ্কিত বিধেয়কখন 11 ডিচেম্বৰত উচ্চ সদনত গৃহীত হোৱাৰ পাছতেই ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি ৷ সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰিছে অহিংস আন্দোলনৰ কাৰ্যসূচী ৷ শনিবাৰে চিৰাং জিলাৰ বিজনী অঞ্চলত বিজনী আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ছাত্ৰ সন্থাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতীকী শৱদেহ লৈ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বিজনী নগৰ পৰিভ্ৰমণ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ বিজেপি চৰকাৰ বিৰোধী শ্ল'গানেৰে আইনখন কোনো পধ্যেই মানি লোৱা ন'হব বুলি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনেও আইনখন বাতিলৰ দাবীত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়কঃ অসম আৰক্ষীৰ ৰদ-বদল

ABOUT THE AUTHOR

...view details