অসম

assam

ETV Bharat / state

চিৰাঙত আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট - বিটিচিত হত্যা লিলা বন্ধৰ দাবী আমছুৰ ব্যাপক প্ৰতিবাদ

বিটিচিত হত্যা লিলা বন্ধৰ দাবী আমছুৰ ব্যাপক প্ৰতিবাদ । বিটিচিত হত্যাকাণ্ড বন্ধ কৰি সংখ্যালঘু লোকৰ জীৱন আৰু নিৰাপত্তা সুনিশ্চিত কৰা, হত্যাৰ বলি পৰিয়ালক দহ লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়া, সংখ্যালঘু বসতি অঞ্চলত নিৰাপত্তা কটকটীয়া কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৷

AAMSU protest at Chirang
AAMSU protest at Chirang

By

Published : Aug 27, 2020, 8:26 PM IST

চিৰাং, 27 আগষ্ট: বিটিচিৰ চাৰিওখন জিলাত হত্যা, হিংসাৰ প্ৰতিবাদত বৃহস্পতিবাৰে আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী । প্ৰতিবাৰেই নিৰ্বাচনৰ আগে আগে বিটিচিৰ সংখ্যালঘু লোকক টাৰ্গেট কৰি হত্যাযজ্ঞ চলোৱা হয় । সংখ্যালঘু লোকক বলিৰ পঠা সজোৱা হয় । শেষতীয়াকৈ ইতিমধ্যে চাৰিজনকৈ লোকক হত্যা কৰা হ’ল । কিন্তু কোনো এজন হত্যাকাৰী গ্ৰেপ্তাৰ নহ’ল । হত্যাৰ বলি পৰিয়ালসমূহৰ কি দৰে জীৱন অতিবাহিত কৰিছে তাৰো কোনো খবৰ নললে চৰকাৰ প্ৰশাসনে । আনকি কোনো ক্ষতিপূৰণ আদায় নিদিলে চৰকাৰে ।

চিৰাঙত আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

বুধবাৰেও পৰ্বতঝোৰাত এজনি যুৱতীক হত্যা কৰা হয় । গতিকে কিমান দিন এই ধৰণৰ হত্যাযজ্ঞ চলিব বিটিচিত । সেয়ে বিটিচিত এই হত্যা বন্ধ কৰি সংখ্যালঘু লোকৰ জীৱন আৰু নিৰাপত্তা সুনিশ্চিত কৰা,হত্যাৰ বলি পৰিয়ালক দহ লাখ টকাৰ এককালিন ক্ষতিপূৰণ দিয়া, সংখ্যালঘু বসতি অঞ্চলত নিৰাপত্তা কটকটীয়া কৰাৰ দাবীত বৃহস্পতিবাৰে চিৰাং জিলাৰ হাতীপোতা আঞ্চলিক আমছুৰ কাৰ্যালয়ত দুঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচি ৰূপায়ন কৰে । একে দৰে বিজনীতো বিজনী জিলা আমছুয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

বিটিচিত আমছুৰ ব্যাপক প্ৰতিবাদ

উল্লেখ্য যে, বিটিচিত সংখ্যালঘু লোকক হত্যা কৰা ঘটনা নতুন নহয় । ১৯৯৩ চনৰ পৰা আৰম্ভ কৰি ১৯৯৬, ২০১২,২০১৪ চনতো সংখ্যালঘু লোকক ধাৰাবাহিক ভাৱে হত্যা কৰা হৈছিল । এই সমূহৰ কোনো উপযুক্ত বিচাৰ নহ’ল । এতিয়া পুনৰ নতুনকৈ হত্যা যজ্ঞ আৰম্ভ কৰা পৰিলক্ষিত হৈছে । গতিকে আমছুয়ে অতি শীঘ্ৰে এই হত্যা বন্ধৰ দাবী জনাইছে ৷

লগতে চাওক-ফিফাৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব নেকি মেছী !

ABOUT THE AUTHOR

...view details