চিৰাং,19 মে’:চিৰাঙৰ বিজনীত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি ক’ভিড সংকটৰ মাজতে শোণিতপুৰত চৰকাৰে কৰা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ৷ শোণিতপুৰত কোনো সন্দেহজনক নাগৰিক নাই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷
চৰকাৰক প্ৰত্যাহ্বান জনাই সভাপতি গৰাকীয়ে কয় যে, যদি তাত কোনো সন্দেহজনক নাগৰিক আছে তেওঁলোকক চিনাক্ত কৰি বিহিত ব্যৱস্থা ল’ব লাগে ৷ এই ক্ষেত্ৰত আমছুৱে সহযোগিতা আগবঢ়াব । কিন্তু খহনীয়াগ্ৰস্ত সাধাৰণ দৰিদ্ৰ সংখ্যালঘু লোকক লক্ষ্য কৰি মাটি-ভেটি উচ্ছেদ কৰা উচিত নহয় ৷