অসম

assam

By

Published : Jul 13, 2020, 5:15 AM IST

ETV Bharat / state

চিৰাঙৰ বানাক্ৰান্ত অঞ্চল ভ্ৰমণ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ

চিৰাং জিলাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কেবাটাও গুৰুত্বপূৰ্ণ অভিযোগ কৰে চিৰাং জিলা প্ৰশাসনৰ বিৰুদ্ধে । বানাক্ৰান্তক জিলা প্ৰশাসনে উপযুক্ত সাহায্য প্ৰদান নকৰাৰ অভিযোগ কৰে আমছু সভাপতিজনে ।

assam flood
assam flood

চিৰাং, 12 জুলাই : সদৌ অসম সংখ‍্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে দেওবাৰে এক সজাতি দল সহ চিৰাং জিলাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কিছু সাহায্য বিতৰণ কৰে । বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি চিৰাং জিলা প্ৰশাসনৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰে সভাপতিজনে ৷

বানাক্ৰান্ত অঞ্চল ভ্ৰমণ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ

তেওঁ কয় যে, প্ৰতি বছৰেই বান হয় যদিও জিলা প্ৰশাসনে বান সন্দৰ্ভত কোনো আগতীয়া প্ৰস্তুতি লোৱা নাছিল । বানাক্ৰান্তক উদ্ধাৰৰ বাবে এখন নাৱো নাই বুলি অভিযোগ কৰাৰ লগতে চিৰাং জিলা প্ৰশাসনে বানাক্ৰান্তলৈ উপযুক্ত সাহায্য প্ৰদান কৰা নাই বুলি উল্লেখ কৰে ৰেজাউল কৰিম চৰকাৰে । শিশু খাদ‍্য,পশু খাদ‍্য,খোৱা পানীৰ কোনো ব‍্যৱস্থাও নকৰাৰ গুৰুতৰ অভিযোগ তুলিছে আমছুৰ সভাপতিগৰাকীয়ে । বানাক্ৰান্তক চিকিৎসাৰ বাবেও নাই কোনো ব‍্যৱস্থা, সেয়ে চৰকাৰক অতিশীঘ্ৰেই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব‍্যৱস্থা গ্ৰহণৰ দাবী জনায় তেওঁ ।

বানাক্ৰান্ত অঞ্চল ভ্ৰমণ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ
বিগত প্ৰায় ২৫ দিনৰ পৰাই চিৰাং জিলাৰ বিভিন্ন অঞ্চল বানৰ কৱলত পৰিছে । তাৰ পাচতো চৰকাৰে কোনো বিশেষ ব‍্যৱস্থা গ্ৰহণ নকৰাতো অতিকৈ দুৰ্ভাগ্যজনক বুলি কয় আমছুৰ সভাপতিজনে ।

লগতে পঢ়ক : নগা বিদ্ৰোহৰ ইতিহাস

ABOUT THE AUTHOR

...view details