ডিটেনচন কেম্পত বন্দী মহিলাঃ আমছুৰ প্ৰতিক্ৰিয়া - etc bharat assam
আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে এক সঁজাতি দলসহ শনিবাৰে উপস্থিত হ'ল বিজনী বিষ্ণুপুৰৰ মধুবালা মণ্ডল নামৰ মহিলা গৰাকীৰ ঘৰত ।
চিৰাং, 9 জুনঃ চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰত আমছুৰ প্ৰতিক্ৰিয়া । আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে এক সঁজাতি দল সহ শনিবাৰে উপস্থিত হ'ল বিজনী বিষ্ণুপুৰৰ মধুবালা মণ্ডল নামৰ মহিলা গৰাকীৰ ঘৰত । নামৰ কিছু মিল থকাৰ বাবেই মধুবালা নম দাসৰ ঠাইত মধুবালা মণ্ডল নামৰ দৰিদ্ৰ মহিলা গৰাকীক ডিটেনচন কেম্পত বন্দী কৰি ৰক্ষাৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে । লগতে মধুবালা দাসৰ মূকবধিৰ জীয়ৰীৰ খবৰ লোৱাৰ লগতে অতিকে দৰিদ্ৰ পৰিয়ালটিক আৰ্থিক সাহাৰ্য্যৰ কথা কয় ৷ পৰিয়ালটোৰ খবৰ লোৱাৰ পাচত আমছু সভাপতিজনে পৰিয়ালটিলৈ আৰ্থিক সহায় আগবঢ়োৱাৰ লগতে এই ধৰণৰ ভাৰতীয় লোকক অবৈধভাৱে তথা ষড়যন্ত্ৰমূলকভাৱে ভাষিক আৰু ধৰ্মীয় লোক সকলক অসম চৰকাৰৰ সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধিকৰণে কৰা হাৰাশাস্তিৰ অভিযোগ কৰে । তেওঁ কয় যে, চৰকাৰে এতিয়ালৈ বিদেশী সন্দেহত ডিটেনচন কেম্পত বন্দী কৰা সকলো ভাৰতীয় নাগৰিকৰ গোচৰ সমূহ পুনৰীক্ষণ কৰি মুক্তিৰ ব্যৱস্থা কৰিব লাগে অন্যথা এই সকল ভাৰতীয় লোকৰ মুক্তিৰ দাবীত অসম ব্যাপি আন্দোলন গঢ়ি উঠিব যাৰ বাবে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰেই দায়ী হ'ব লাগিব বুলিও সকিয়াই দিয়ে ।