অসম

assam

ETV Bharat / state

ৰাজনৈতিক সমীকৰণত ব্যস্ত ৰাজ্যৰ সংখ্যালঘূসকল - ৰাজনৈতিক সমীকৰণত ব্যস্ত ৰাজ্যৰ সংখ্যালঘূসকল

নতুন ৰাজনৈতিক চিন্তা-চৰ্চাত ব্যস্ত অসমৰ সংখ্যালঘুসকল ৷ আমছুৰ নেতৃত্বত পৰৱৰ্তী বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি নতুন ৰাজনৈতিক চিন্তা-চৰ্চাৰে চিৰাঙৰ বিভিন্ন ঠাইত সভা অনুষ্ঠিত কৰে সোমবাৰৰ দিনটোত ।

AAMSU Political thinking Chirang assam etv bharat news
ৰাজনৈতিক সমীকৰণত ব্যস্ত ৰাজ্যৰ সংখ্যালঘূসকল

By

Published : Aug 17, 2020, 9:41 PM IST

চিৰাং,17 আগষ্ট:অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে নতুন ৰাজনৈতিক দলৰ জন্ম হোৱা পৰিলক্ষিত হৈছে ৷ এই চৰ্চাত পিছ পৰি থকা নাই অসমৰ সংখ্যালঘু সকল । সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নেতৃত্বত নতুন ৰাজনৈতিক চিন্তা-চৰ্চাৰে ইতিমধ্যে কেইবালানি আলোচনা অনুষ্ঠিত হৈছে । সোমবাৰে আমছুৰ নেতৃত্বত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হোজাইত এক সভা অনুষ্ঠিত হয় । আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমান ক'ভিড-19 ত আক্ৰান্ত হোৱাত আকৌ বৰপেটা জিলাৰ বজালীত 10 ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এক সভা । উক্ত সভাতেই নতুন ৰাজনৈতিক সমীকৰণ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে ৷

লক্ষ্য 2021 ৰ বিধানসভা নিৰ্বাচন

আঞ্চলিকতাবাদী শক্তিক মজবুত কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই শাসকীয় দল বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ কাম-কাজ আৰম্ভ কৰিছে । ইফালে কা বিৰোধী আন্দোলনক মূল আহিলা হিচাপে লৈ আন আন দল-সংগঠনৰ সৈতে লগ হৈ নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে সদৌ অসম ছাত্ৰ সন্থাই । একেদৰে অসমৰ সংখ্যালঘু সকলৰ ৰাজনৈতিক-সাংবিধানিক অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত বিগত দিনত প্ৰতিনিধিত্ব কৰা মন্ত্ৰী-বিধায়কৰ অকৰ্মণ্যতাৰ প্ৰতি ক্ষুব্ধ হৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু । সেয়ে 2021 ৰ বিধানসভা নিৰ্বাচনক লৈ চিন্তা-চৰ্চা কৰাত কোনোগুণে পিছ পৰি থকা নাই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু । আমছুৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, সংগঠনটোৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত আমছুৰ তৰফৰ পৰা নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে চলোৱা হৈছে ব্যাপক কুচ-কাৱাজ ।

ৰাজনৈতিক সমীকৰণত ব্যস্ত ৰাজ্যৰ সংখ্যালঘূসকল

অসমৰ সংখ্যালঘু ৰাজনীতিৰ বিষয়ত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, উপদেষ্টা আজিজুৰ ৰহমান তথা অন্যান্য কেইবাজনো লোকৰ সৈতে যোগাযোগ কৰাত নতুন ৰাজনৈতিক সমীকৰণৰ বিষয়ে অস্বীকাৰ কৰে যদিও ৰাজনৈতিক চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে বুলিও জনাই সংগঠনটোৰ বিষয়ববীয়াসকলে । ইতিমধ্যে কংগ্ৰেছ আৰু এআইইউডিএফ-ৰ অংকত আউল লগোৱাতো নিশ্চিত হৈ পৰিছে আমছুৰ নতুন ৰাজনৈতিক সমীকৰণৰ ফলত । মুঠতে আকৰ্ষণীয় হৈ উঠিব অসম বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচন ৷

লগতে চাওকঃকোকৰাঝাৰত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

ABOUT THE AUTHOR

...view details