চিৰাং, 2 জুন : হোজাইৰ চিকিৎসক নিগ্ৰহ কাণ্ডৰ গৰিহণা দিয়ে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ৷ প্ৰশাসনক ঘটনাটোৰ তদন্ত কৰি উক্ত ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় হোজাই জিলা প্ৰশাসন তথা চৰকাৰৰ ওচৰত ।
চিকিৎসক, নাৰ্চ বা স্বাস্থ্যখণ্ডৰ সৈতে জড়িত সকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে । আমছুৰ সভাপতিজনে হোজাই কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় ।