অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীক বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ আহ্বান আমছুৰ

মাহী আইৰ দৃষ্টিৰে নাচাই মুখ্যমন্ত্ৰীয়ে সকলো বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত পৰিমানে বান সাহাৰ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে আমছুৰ সভাপতিজনে ৷ ইতিমধ্যে উজনি-নামনিত ভয়ংকৰ হৈ আছে বান পৰিস্থিতি ৷

AAMSU appeal to CM for Relief flood Area People
মুখ্যমন্ত্ৰীক সকলো বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ আহ্বান আমছু সভাপতিৰ

By

Published : Jul 20, 2020, 8:10 PM IST

চিৰাং, 20 জুলাইঃৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উক্ত বানত লাখ লাখ মানুহৰ ঘৰ-দুৱাৰ, পশুধনৰ লগতে হাজাৰ হাজাৰ কৃষি ভূমি জাহ যায় ৷ ইফালে ৰাজ্যত অপৰিবৰ্তীত হৈ আছে বান পৰিস্থিতি ৷ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও আগন্তুক দুই তিনিদিনত ধাৰাষাৰ বৃষ্টিপাত হ'ব বুলি সতৰ্ক জাৰি কৰিছে ৷

মুখ্যমন্ত্ৰীক সকলো বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ আহ্বান আমছু সভাপতিৰ

ঠিক একে সময়তে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উজনিৰ পৰা নামনিৰ সকলো জিলাৰ বান পৰিস্থিত পৰিদৰ্শন কৰিবলৈ আহ্বান জনায় ৷ ইফালে নামনি অসম ভ্ৰমনৰ সময়ত মুখ্যমন্ত্ৰী লৈ আবেদন জনায় যে সকলো বানপীড়িত অঞ্চল ভ্ৰমণ কৰি সকলো বানাক্ৰান্ত লোকসকলক সাহাৰ্য‍ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই আমছুৰ নেতাজনে।

তাৰোপৰি সভাপতি জনে উল্লেখ কৰে যে,বিশেষকৈ বানপিড়িত অঞ্চল সমুহত যিদৰে জিলা প্ৰশাসনে সাহাৰ্য প্ৰদান কৰিব লাগিছিল,তেনেদৰে কিন্তু সাহাৰ্য‍ প্ৰদান কৰা নাই বুলি অভিযোগ কৰে ৷ মুখ্যমন্ত্ৰীয়ে উজন-নামনি,বৰাক ব্ৰহ্মপুত্ৰৰ সকলো বান বিধ্বস্ত অঞ্চল যাতে পৰিদৰ্শন নকৰাকৈ নাথাকে লগতে কোনো অঞ্চলক যাতে চৰকাৰে মাহী আইৰ দৃষ্টিৰে নেচাই তাৰ বাবে আহ্বান জনায় । আৰু অতি শীঘ্ৰে জিলা উপায়ুক্ত সকলক সকলো বানাক্ৰান্ত ৰাইজকে সাহায্য প্ৰদানৰ নিৰ্দেশ দিবলৈ আহ্বান জনাইছে সভাপতি গৰাকীয়ে ।

ইফালে জিলা উপায়ুক্ত সকলে প্ৰায় ২৫ দিনৰ পিছতো বানপীড়িত সকলৰ ওচৰত যোৱা নাই,বৰঞ্চ শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকা বুলি অভিযোগ কৰে । সেই কাৰণে বান সাহাৰ্যৰ নামতো দুৰ্নীতি সংঘটিত হোৱা বুলি কয় আমছুৰ সভাপতি জনে । গতিকে মুখ্যমন্ত্ৰী জনে কৰ'ণাক গুৰুত্ব দিয়াৰ দৰেই বান পৰিস্থিতিৰ ক্ষেত্ৰতো উপযুক্ত বান সাহাৰ্য প্ৰদানৰ দাবী জনায় ৷ অন্যথা কৰ'ণাত কৈ বানত নোখোৱাকৈ অধিক লোকৰ মৃত্যু হ'ব বুলি দাবী কৰে সভাপতিজনে।

লগতে পঢ়ক- অখিলৰ মুক্তিৰ দাবীত বিধায়কৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details