অসম

assam

ETV Bharat / state

আঠদিনে বহিঃবিশ্বৰে সম্পৰ্ক নথকা ডাবাবিলত আমাৰ সাংবাদিক - বন্যাৰ্ত

চিৰাং জিলাৰ আই নদীৰ উত্তৰ পাৰৰ কেবাখনো গাঁও বানপানীত সম্পূৰ্ণৰূপে বিধ্বস্ত । ডাবাবিল, মাদাৰপুৰ,নাথুৰবাৰী আদি গাঁৱৰ অৱস্থা নোহোৱা হোৱাৰ দৰে । এয়া ডাবাবিল গাঁৱৰ দৃশ্য ।

বানত সৰ্বস্বান্ত এখন গাওঁ

By

Published : Jul 16, 2019, 10:40 AM IST

চিৰাং,16 জুলাইঃ আজি আঠদিন পিচতো চিৰাঙৰ বন্যাৰ্তৰ আৰ্তনাদ । উদ্ধাৰ অভিযান অথবা সাহাৰ্য্য একোৱেই স্পৰ্শ কৰা নাই গাঁওখনত । SDRF ৰ দলে নদী পাৰ হৈ যাব পৰা নাই যোৱা আঠদিনে ।

বানত সৰ্বস্বান্ত এখন গাওঁ

চিৰাং জিলাৰ আই নদীৰ উত্তৰ পাৰৰ কেবাখনো গাঁও বানপানীত সম্পূৰ্ণৰূপে বিধ্বস্ত । ডাবাবিল, মাদাৰপুৰ,নাথুৰবাৰী আদি গাঁওৰ অৱস্থা নোহোৱা হোৱাৰ দৰে । এয়া ডাবাবিল গাঁওৰ দৃশ্য ।

বানত সৰ্বস্বান্ত এখন গাওঁ

আই নদী পাৰ হৈ SDRFৰ দলে আহিবই পৰা নাই যোৱা আঠটা দিনে । কিন্তু তাৰ মাজতে টুলুঙা নাও লৈ আই নদীৰ তীব্ৰ সোঁতকো নেওচি ই টি ভি ভাৰতৰ সাংবাদিক উপস্থিত হৈছিল বানপানীত বিধ্বস্ত ডাবাবিল গাঁৱত ।

বানত সৰ্বস্বান্ত এখন গাওঁ

৮৬ টা পৰিয়াল আৰু ৪৪৫ জন লোক থকা গাঁও ডাবাবিলৰ অৱস্থা নিশেষ প্ৰায় । খেতি পথাৰৰ কোনো চিন চাব নাই, প্ৰতিটো ঘৰৰ অৱস্থা তথৈবচ ।

বানত সৰ্বস্বান্ত এখন গাওঁ

বহু ঘৰ বানপানীত উটি গৈছে, বহু ঘৰ বানপানীয়ে ভাঙি থৈ গল, যি দুই এটা ঘৰ আছে সেয়াও থকাৰ উপযোগী হৈ থকা নাই ।

বানত সৰ্বস্বান্ত এখন গাওঁ

এক কথাত গাঁওখন মানুহ থকাৰ উপযোগী হৈ থকা নাই । পলসে কঁকাললৈ পুতি পেলাইছে গাঁওখন । চৰকাৰৰ পৰা কি পালে বন্যাৰ্তই শুনক তেওঁলোকৰ মুখেৰেই । আমাৰ সাংবাদিকৰ এক প্ৰতিবেদন...

বানত সৰ্বস্বান্ত এখন গাওঁ

আচলতে চিৰাং জিলাৰ অধিকাংশ বানপীড়িত অঞ্চলৰ একেই অৱস্থা । কোনো চৰকাৰী বিষয়া,নেতা-মন্ত্ৰী,বিধায়ক বা জনপ্ৰতিনিধি যোৱা নাই বন্যাৰ্তৰ ওচৰত । অসম চৰকাৰৰ ঘোষণা ফোটোকাৰ ফেনত পৰিণত ।

বানত সৰ্বস্বান্ত এখন গাওঁ

ABOUT THE AUTHOR

...view details