অসম

assam

By

Published : May 17, 2020, 10:07 PM IST

ETV Bharat / state

চিৰাঙৰ আই নদীপৰীয়া ৰাইজৰ দুৰ্দশা

লক ডাউনৰ ফলত চিৰাং জিলাৰ উত্তৰ অঞ্চল বিশেষকৈ আই নদীপৰীয়া গাঁওবাসী বিপাঙত পৰিছে ৷ প্ৰতিবছৰে আই নদীৰ বান আৰু গৰাখহনীয়াই ব‍্যাপকভাৱে ক্ষতিসাধন কৰাৰ ফলত এইবাৰো চিন্তিত হৈ পৰিছে গাঁওবাসী ৷ চৰকাৰে বান প্ৰতিৰোধ আৰু গৰাখহনীয়াৰ ক্ষেত্ৰত কোনো ব‍্যৱস্থা গ্ৰহণ নকৰাৰ ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷

চিৰাঙৰ আই নদীপৰীয়া ৰাইজৰ দুৰ্দশা
চিৰাঙৰ আই নদীপৰীয়া ৰাইজৰ দুৰ্দশা

চিৰাং, 17 মে’: চিৰাং জিলাৰ উত্তৰ অঞ্চল বিশেষকৈ আই নদীপৰীয়া গাঁওসমূহ বান আৰু গৰাখহনীয়াৰ বাবে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হয় । প্ৰতিবছৰে আই নদীৰ বান আৰু গৰাখহনীয়াই ব‍্যাপকভাৱে ক্ষতিসাধন কৰে । দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত দৰিদ্ৰ কৃষক তথা গাঁওবাসী বিপাঙত পৰাৰ মাজতে গাঁওবাসীয়ে আই নদীৰ বান আৰু গৰাখহনীয়াৰ কৱলত পৰিবলগীয়া হ’লে নিগমে মৰিব লাগিব সাধাৰণ জনতা । ইয়াকে লৈ গাঁওবাসীয়ে দুখ প্ৰকাশ কৰে ৷

ইফালে বিগত বৰ্ষত এই অঞ্চলৰ ডাবাবিল গাঁওখন সম্পূৰ্ণৰূপে আই নদীৰ বুকুত নিশ্চিহ্ন হৈ যায় । গাঁওখনৰ লোকসকলে ছোটো নিলীবাৰী গাঁওত কেম্প পাতি থাকিবলগীয়া হৈছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । ইতিমধ্যে আই নদীৰ দুয়ো পাৰৰ প্ৰায় 50/60 খন গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু এইবছৰো অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰে গাঁওবাসীয়ে ৷

চিৰাঙৰ আই নদীপৰীয়া ৰাইজৰ দুৰ্দশা

আই নদীৰ বান গৰাখহনীয়াগ্ৰস্ত এই অঞ্চল ৩১ নং চিদলী বিধান সভা সমষ্টিৰ অন্তৰ্গত । এই সমষ্টিৰ পৰাই নিৰ্বাচিত হৈ একেৰাহে 3বাৰ শাসনৰ দায়িত্বত আছে মন্ত্ৰী চন্দন ব্ৰহ্ম । কিন্ত মন্ত্ৰী চন্দন ব্ৰহ্ময়ো এই বান প্ৰতিৰোধ আৰু গৰাখহনীয়াৰ ক্ষেত্ৰত কোনো ব‍্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে সাধাৰণ জনতাই ৷

লগতে পঢ়ক: লক ডাউনৰ সময়ত কি কৰাৰ প্ৰয়োজন

ABOUT THE AUTHOR

...view details