অসম

assam

ETV Bharat / state

বাঁহী এৰি হাতত তুলি ল'লে কেচি তুলি ল’লে এগৰাকী বাঁহীবাদকে

কৰ’ণা মহামাৰীৰ ত্ৰাসৰ বাবে সাংস্কৃতিক অনুষ্ঠান আৰু থিয়েটাৰসমূহ বন্ধ হোৱাৰ ফলতে বহু সাংস্কৃতিক কৰ্মীয়ে সলনি কৰিব লগা হৈছে উপাৰ্জনৰ পথ ৷ তাৰ মাজতে বাঁহী পৰিবেশন কৰি দৰ্শকৰ ভূয়সী প্ৰংশসা লাভ কৰা বঙাইগাঁৱৰ উৎপল দাস নামৰ এগৰাকী উদীয়মান বাঁহীবাদকে হাতত বাঁহীৰ পৰিৱৰ্তে তুলিলৈছে কেচি ৷ Hairloon নামৰ এখন চেলুন খুলি জীৱন যুঁজত অৱতীৰ্ণ হৈছে বাঁহীবাদক গৰাকী ৷

a youth change his income source after covid terro
বঙাইগাঁৱৰ উদীয়মান বাঁহীবাদকে বাঁহী এৰি হাতত তুলি ল'লে কেঁচী

By

Published : Dec 27, 2020, 2:17 PM IST

বঙাইগাঁও, 27 ডিচেম্বৰ: সমগ্ৰ বিশ্বতে ত্ৰাস চলোৱা কৰ’ণা মহামাৰীৰ বাবে বহুতৰ জীৱনলৈ আহিল পৰিৱৰ্তন ৷ পেটৰ ভাত মুঠিৰ বাবে বহুতে হাতত তুলি ল'বলগীয়া হ'ল বিভিন্ন বৃত্তি ৷ কোনোবাই যদি দোকান দিছে আন কোনোবাই আকৌ কৃষিকাৰ্যতে মনোনিৱেশ কৰিছে ৷ কৰ’ণা মহামাৰীৰ সন্ত্ৰাসৰ ফলত বিশেষকৈ সাংস্কৃতিক অনুষ্ঠান আৰু থিয়েটাৰসমূহ বন্ধ হোৱাৰ ফলতে বহু সাংস্কৃতিক কৰ্মীয়ে জীৱিকা পালনৰ বাবে ল’বলগা হৈছে বিভিন্ন পথ ৷ তাৰ মাজতে বঙাইগাঁৱৰ উৎপল দাস নামৰ এগৰাকী উদীয়মান বাঁহীবাদকে হাতত বাঁহীৰ পৰিৱৰ্তে তুলি লৈছে কেচি ৷ কাৰণ দীৰ্ঘদিন ধৰি ৰাজ্যত সাংস্কৃতিক অনুষ্ঠান বন্ধ হৈ থকাৰ বাবে উপাৰ্জনৰ পথো বন্ধ হৈ পৰিছে ৷ পূৰ্বতে সাংস্কৃতিক অনুষ্ঠান কৰি কোনোমতে পেটৰ ভাত মোকলাই আছিল যদিও কৰ’ণা মহামাৰীৰ বাবে সকলো বন্ধ হৈ থাকিল ৷

বঙাইগাঁৱৰ উদীয়মান বাঁহীবাদকে বাঁহী এৰি হাতত তুলি ল'লে কেঁচী

উল্লেখ্য যে, কোকৰাঝাৰৰ যুৱক উৎপলে বাঁহীকলৈ দেখা দেখিছিল বহু সপোন ৷ বাঁহী পালেই আপোন পাহৰা হৈ পৰা উৎপলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বাঁহী পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰংশসাও লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু এতিয়া বাঁহী এৰি হাতত ল’বলৈ বাধ্য হৈছে কেচি ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীত Hairloon নামৰ এখন চেলুন খুলি এতিয়া জীৱন যুঁজত অৱতীৰ্ণ হৈছে এইগৰাকী উদীয়মান বাঁহীবাদকে ৷ গ্ৰাহকৰ ভিৰৰ মাজে মাজে সুযোগ বুজি হাতত বাঁহী তুলি লোৱা বাঁহীবাদজনে অসমৰ সাংস্কৃতিক কৰ্মীসকলৰ কথা চিন্তা কৰি অনতিপলমে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়ক:ক'ভিড-19 ৰিলিফ বিলত স্বাক্ষৰ কৰাৰ বাবে ট্ৰাম্পক বাইডেনৰ হেঁচা

ABOUT THE AUTHOR

...view details