চিৰাং, 17 জুন : চিৰাঙৰ ঢালিগাঁৱত এগৰাকী ৭ বছৰীয়া কিশোৰীক শাৰীৰিক নিৰ্যাতন । নুৰ বাদশ্বাহ শ্বেখ নামৰ এজন পঞ্চাশ উৰ্ধৰ ব্যক্তিয়ে এগৰাকী সাত বছৰীয়া কিশোৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । নিৰ্যাতিতা কিশোৰী গৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ঢালিগাঁও থানাৰ আৰক্ষীয়ে নুৰ বাদশ্বাহ শ্বেখক গ্ৰেপ্তাৰ কৰিছে ।
কিশোৰী নিৰ্যাতনৰ অপৰাধত গ্ৰেপ্তাৰ এজন উক্ত জঘন্য ঘটনাৰ সৈতে এজন প্ৰাক্তন সেনা জোৱানৰ নামো সাঙুৰ খাই পৰিছে । বৰ্তমান পলাতক হৈ থকা প্ৰাক্তন সেনা জোৱানজনৰ নাম ফকৰুদ্দিন আলী । অভিযোগ অনুসৰি নুৰ বাদশ্বাহ শ্বেখ নামৰ ব্যক্তিজনে যোৱা দেওবাৰে সাত বছৰীয়া কিশোৰী গৰাকীক খাদ্য সামগ্ৰীৰ প্ৰলোভন দি ফুচুলাই নিজ ঘৰলৈ মাতি অনৈতিক কাৰ্যত লিপ্ত হৈছিল ।
কিশোৰী গৰাকীয়ে যাতে এই সন্দৰ্ভত ঘৰত একো অৱগত নকৰে তাৰ বাবে তাইক ভাবুকি প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে । মঙলবাৰে বিয়লি ভূক্তভোগী কিশোৰী গৰাকীয়ে ওচৰ-চুবুৰীয়াৰ আগত জনোৱাত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে । নিশা পৰিয়ালৰ লোকে ঢালিগাঁও থানাত এটা গোচৰ ৰুজু কৰে আৰু গোচৰৰ ভিত্তিত নিশাৰ ভাগতে আৰক্ষীয়ে নুৰ বাদশ্বাহ শ্বেখক আটক কৰি বুধবাৰে পুৱা আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে ।
এই অপকৰ্মত প্ৰাক্তন সেনা জোৱান ফকৰুদ্দিন আলী জড়িত হৈ থকাৰ কথা এজাহাৰত উল্লেখ্য কৰা হৈছে । কিন্তু প্ৰাক্তন সেনা জোৱান ফকৰুদ্দিন আলী পলাতক হৈ আছে । নুৰ বাদশ্বাহ শ্বেখ আৰু ফকৰুদ্দিন আলীয়ে দীৰ্ঘ দিনৰ পৰা অঞ্চলটোৰ নাবালিকা কিশোৰীসকলৰ সৈতে অনুৰূপভাৱে অনৈতিক কাৰ্য কৰি অহাৰ তথ্য পোহৰলৈ আহিছে । ঢালিগাঁও থানাৰ আৰক্ষীয়ে অভিযুক্ত নুৰ বাদশ্বাহ শ্বেখক কাজলগাঁৱৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে ৷
লগতে পঢ়ক :বাঘজানৰ তৈল কুণ্ডত বেইলী ব্ৰীজ নিৰ্মাণক লৈ সমীক্ষা আৰম্ভ ভাৰতীয় সেনাৰ