চিৰাং, 21 মে':মৰেল পুলিচৰ ঘটনাই জোকাৰিছে চিৰাং-বঙাইগাঁও জিলাৰ সীমান্ত । চোৰৰ সন্দেহত এগৰাকী পথচাৰীক উপযুপৰি আক্ৰমণ কৰে একাংশ লোকে ৷ চিৰাং-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী বিজনীৰ গৰাইমাৰীত সংঘটিত হয় এই ঘটনা ৷ অভিযোগ অনুসৰি এজন শিক্ষকৰ নেতৃত্বত সংঘটিত হয় এই ঘটনা ।
জানিব পৰা মতে, বিজনীৰ কাৱাটিকাৰ বাসিন্দা আবেদ আলী (২৯) পথেৰে নিজৰ ঘৰলৈ গৈ থকা অৱস্থাত চোৰ বুলি সন্দেহ কৰি গৰাইমাৰীৰ দাসপাৰাৰ সুশীল দাস নাম এজন লোকৰ ঘৰলৈ চোঁচৰাই নি উপৰ্যুপৰি আক্ৰমণ কৰে একাংশ লোকে ৷ ভানু ৰঞ্জন বিশ্বাস নামৰ এজন শিক্ষকৰ নেতৃত্বত অত্যাচাৰ কৰা হয় আলীক ৷