অসম

assam

চিৰাঙত সোপাধৰাৰ সন্দেহত প্ৰহাৰ বৰ্ষীয়ান ধৰ্মগুৰুক

By

Published : Nov 3, 2019, 8:01 PM IST

Updated : Nov 3, 2019, 10:19 PM IST

চিৰাঙত সোপাধৰাৰ নামত এজন ৭০ বছৰীয়া ধৰ্মগুৰুক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে একাংশ উন্মাদ লোকে । আৰক্ষীয়ে উদ্ধাৰ কৰিলে ধৰ্মগুৰু গৰাকীক ।

চিৰাঙত সোপাধৰাৰ সন্দেহত প্ৰহৃত বৰ্ষীয়ান ধৰ্মগুৰু

চিৰাঙ,3 নৱেম্বৰঃসোপাধৰা সন্দেহত চিৰাঙত এগৰাকী বয়োজ্যেষ্ঠ ধৰ্মগুৰুক একাংশ উন্মাদ লোকে অমানৱীয়ভাৱে প্ৰহাৰ কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে । শনিবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত এজন ৭০ বছৰীয়া ধৰ্মগুৰুক সোপাধৰাৰ সন্দেহত নিৰ্মমভাৱে প্ৰহাৰ কৰে একাংশ উন্মাদ লোকে ।

তথ্যনুসৰি কাজলগাওঁৰ পৰা যোৱাকালি ভাৰত-ভূটান সীমান্তৰ দাদগিৰিৰ এখন ধৰ্মীয় আশ্ৰম 'মানৱ উত্থান সেৱা সমিতি'লৈ আহিছিল মহাত্মা অক্ষৰানন্দ চন্দ্ৰ প্ৰসাদ উপাধ্যায় নামৰ বৰ্ষীয়ান ধৰ্মগুৰুগৰাকী । মহাত্মা অক্ষৰানন্দ চন্দ্ৰ প্ৰসাদ উপাধ্যায় নামৰ ব্যক্তিজন মানৱ ধৰ্মৰ এখন ধৰ্মীয় অনুষ্ঠানৰ সাধু তথা পণ্ডিত । ধৰ্মগুৰুগৰাকীয়ে সীমান্তৰ দাদগিৰিৰ এগৰাকী কন্যা শিশুৰ সৈতে নিজৰ মোবাইল ঠিক কৰিবলৈ তাইৰ পিতৃৰ সহিতে একেলগে বজাৰলৈ গৈছিল ।

বজাৰ কৰি থকাৰ মাজতেই ধৰ্ম গুৰু মহাত্মাই কন্য়া গৰাকীক মিঠাই খুৱাবলৈ হোটেল এখনলৈ লৈ যায় ৷ কিন্তু বজাৰত উপস্থিত একাংশ মানসিকভাৱে দুৰ্বল সন্দেহবাদী মানুহে ধৰ্মগুৰু মহাত্মাই কন্যা শিশুগৰাকীক চোৰ কৰি লৈ যোৱা বুলি চিঞৰ-বাখৰ কৰে ধৰ্মগুৰুক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । তাৰ্পয্যপূৰ্ণ কথাটো হ'ল যে, ধৰ্মগুৰুক উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীৰ বাধাকো ভ্ৰক্ষেপ নকৰি উত্তেজিত লোকসকলে ধাৰাবাহিকভাৱে সন্তগৰাকীক আক্ৰমণ কৰে । কিছুসময়ৰ পিছত শান্তিপুৰ আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে ধৰ্মগুৰুগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ আনে আৰু চিকিৎসাৰ ব্যৱস্থা কৰে ।

চিৰাঙত সোপাধৰাৰ সন্দেহত প্ৰহৃত বৰ্ষীয়ান ধৰ্মগুৰু

ইফালে ঘটনা সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰি সন্তগৰাকীয়ে তেওঁক প্ৰহাৰ কৰা লোকসকলক সুমতি আৰু সদজ্ঞান কামনা কৰি এই পৰ্যন্ত গোচৰ ৰুজু কৰাৰ পৰা বিৰত থকা বুলি উল্লেখ কৰিছে ৷

আনহাতে চিৰাঙৰ সচেতন মহলে সমগ্ৰ ঘটনাক গৰিহণা দিয়াৰ লগতে ইয়াৰ উচিত তদন্তৰ দাবী তুলি জিলাখনত বিভিন্ন সজাগতামূলক সভাৰ আয়োজন কৰিবলৈ স্বেচ্ছাসেৱী দল-সংগঠনক আহ্বান জনাইছে ৷

আৰু পঢ়কমহানগৰীত নিশা চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰৰ দল

Last Updated : Nov 3, 2019, 10:19 PM IST

ABOUT THE AUTHOR

...view details