অসম

assam

ETV Bharat / state

বঙাইগাঁৱত ডিটেনশ্যন কেম্পৰ পৰা মুক্তি সাতজন ব্যক্তিক - সীমান্ত আৰক্ষী

বঙাইগাঁও জিলাৰ সাতজনকৈ লোকক দীৰ্ঘদিনৰ মূৰত ডিটেনশ্যন কেম্পৰ পৰা মুক্তি দিয়ে কৰ্তৃপক্ষই । বিদেশী ঘোষণাৰ পিচতে বন্দী শিবিৰলৈ প্ৰেৰণ কৰিছিল বিদেশী ন্যায়াধিকৰণে ৷

বঙাইগাঁৱত বন্দী শিবিৰৰ পৰা মুক্তি সাতজন ব্যক্তিৰ

By

Published : Nov 21, 2019, 8:25 PM IST

চিৰাং, 21 নৱেম্বৰঃডিটেনশ্যন কেম্পৰ পৰা ব্যাক্তিগত জামিনত মুক্তি পালে বঙাইগাঁও জিলাৰ সাতজনকৈ লোকে ৷ বিগত তিনি/চাৰি বছৰৰ পাচত বন্দী শিবিৰৰ পৰা মুক্তি লাভ কৰিলে ব্যক্তি কেইগৰাকীয়ে ৷ মুক্তি লাভ কৰা লোকসকল ক্ৰমে,যোগীঘোপাৰ পল্লীৰতলৰ ছাৰু শ্বেখ,যোগীঘোপাৰ ঔডুবিৰ আজবাহাৰ আলী,যোগীঘোপাৰ চটপাৰাৰ আলী আকবৰ,হাপাছাৰাৰ ২নং গাৰোগাঁৱৰ মানিক জান,গৰাইমাৰী ৩নং নাচনগুৰীৰ জালাল উদ্দিন,অভয়াপুৰীৰ বোৱালিমাৰী নলডোবাৰ নিবাৰন মণ্ডল,মেৰেৰ চৰৰ আছৰ উদ্দিন৷ ইয়াৰ মানিক জান নামৰ মহিলা গৰাকী কোকৰাঝাৰৰ ডিটেনশ্যন কেম্পত থকাৰ বিপৰীতে বাকীকেইজন গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত ৰখা হৈছিল । বৃহস্পতিবাৰে ডিটেনশ্যন কেম্পৰ পৰা আনি বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিভাগীয় নীতি নিয়ম অনুসৰি মুকলি কৰি দিয়ে ব্যক্তি কেইগৰাকীক । আনহাতে,দীৰ্ঘ দিনৰ মূৰত ডিটেনশ্যন কেম্পৰ পৰা মুকলি হৈ পৰিয়াল লোকক পাই আৱেগিক হৈ পৰে লোকসকল।

বঙাইগাঁৱত ডিটেনশ্যন কেম্পৰ পৰা মুক্তি সাতজন ব্যক্তিক

উল্লেখ্য যে, সীমান্ত আৰক্ষীৰ ভুলৰ বাবে ভাৰতীয় হোৱাৰ সকলো নথি পত্ৰ থকাৰ পাচতো এনেদৰে ডিটেনশ্যন কেম্পত থাকিবলগীয়া হোৱাৰ অভিযোগ বন্দী শিবিৰৰ পৰা মুক্তি লাভ কৰা ব্যক্তি কেইগৰাকীৰ ৷ লগতে,বন্দী শিবিৰ সমূহত থকা-খোৱা আৰু চিকিৎসাৰ অভাৱত ৰোগাক্ৰান্ত হৈ পৰাৰো অভিযোগ উত্থাপন কৰে বৃহস্পতিবাৰে মুক্তি পোৱা আটাইকেইজন লোকে। বন্দী শিবিৰত এই সকল লোকক হাৰাশাস্তি কৰাৰো অভিযোগ।

বঙাইগাঁৱত বন্দী শিবিৰৰ পৰা মুক্তি সাতজন ব্যক্তিৰ

মানৱ অধিকাৰ কৰ্মী হৰ্ষ মান্দাৰে উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে ডিটেনশ্যন কেম্পত তিনি বছৰতকৈ অধিক সময় কটোৱা লোকসকলৰ মুক্তি দিয়াৰ নিৰ্দেশনা দিছিল। সেই নিৰ্দেশনাৰ ভিত্তিতেই এই সকল লোকে ডিটেনশ্যন কেম্পৰ পৰা মুক্তি লাভ কৰাৰ সুবিধা পায়।

গছ নকটাকৈ দলঙ নিৰ্মাণৰ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ

ABOUT THE AUTHOR

...view details