অসম

assam

ETV Bharat / state

ডকাইতি হোৱা ৫৪৪ বেগ চোৰাং চাহ পাত উদ্ধাৰ - বিজনী

চিৰাং জিলাৰ বিজনী আৰক্ষীৰ বৃহৎ সফলতা । ডকাইতি হোৱা ৫৪৪ বেগ চোৰাং চাহপাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সুদূৰ পশ্চিমবংগৰ বাৰবিশাৰ পৰা

ডকাইতি হোৱা ৫৪৪ বেগ চোৰাং চাহ পাত উদ্ধাৰ

By

Published : Aug 8, 2019, 9:34 PM IST

চিৰাং,8 আগষ্ট : চিৰাং জিলাৰ বিজনী আৰক্ষীৰ বৃহৎ সফলতা । ডকাইতি হোৱা ৫৪৪ বেগ চোৰাং চাহপাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সুদূৰ পশ্চিমবংগৰ বাৰবিশাৰ পৰা। আৰক্ষী সূত্ৰে প্ৰকাশ যে যোৱা ২ আগষ্ট তাৰিখে বিজনীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটৰ পৰা চিনেমাৰ কায়দাৰে ৬ জনীয়া এটা ডকাইতৰ দলে মাজনিশা চাহপাত ভৰ্তি ট্ৰাক এখন কলকাতা অভিমূখে গৈ থকা অৱস্থাত গাড়ীচালকসহ অপহৰণ কৰে ৷ কিন্তু চালকজনক মুখত চকুত ক'লা কাপোৰ বান্ধি কোকৰাঝাৰ জিলাৰ ছৈবাৰীৰ চাহ বাগিচাত পেলাই থৈ যায় ৷

ডকাইতি হোৱা ৫৪৪ বেগ চোৰাং চাহ পাত উদ্ধাৰ

উক্ত ঘটনাক কেন্দ্ৰ কৰি গাড়ী চালকজনে এখন এজাহাৰ দাখিল কৰে বিজনী আৰক্ষী থানাত। এজাহাৰৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলায় । উক্ত অভিযানত চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ দংশিয়াপাৰা অঞ্চলৰ ৰাজু বৰ্মণ নামৰ এজন ২৫ বছৰীয়া যুৱকক সন্দেহ জনকভাৱে আটক কৰি বিজনী থানালৈ আনে। সোধপোছ কৰাত উক্ত ঘটনাটোৰ লগত নিজে জড়িত থকা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে ৰাজু বৰ্মন নামৰ যুৱকজনে। আৰক্ষীৰ তদন্তত পশ্চিমবংগৰ ধুপগুৰীত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় চাহপাত ভৰ্তি WB-24C-7204 নম্বৰৰ ১২ চকীয়া ট্ৰাকখন ৷ লগতে আৰক্ষীয়ে জব্দ কৰে চাহপাত খিনি বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ লোৱা এখন WB-69-8968 নম্বৰৰ চাহপাত ভৰ্তি অৱস্থাত ব'লেৰো পিক আপ ভেন। উল্লেখযোগ্য যে আটকাধীন ৰাজু বৰ্মন ইতিপূৰ্বে প্ৰাক্তন বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ চোৰাংচোৱা হিচাপে নিয়োজিত হৈ একাধিক অসাধু ব্যৱসায়ৰ সৈতে জৰিত হোৱাত বনমন্ত্ৰীয়ে নিজে লজ্জিত হৈ স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছিল সংবাদ মাধ্যমৰ আগত ।

ABOUT THE AUTHOR

...view details