চিৰাং,1 জুনঃ দেওবাৰে চিৰাং জিলাৰ বিজনীত ৰে'লেৰে আহি উপস্থিত হয় 44জন মাদ্ৰাছাৰ ছাত্ৰ,দুগৰাকী শিক্ষক আৰু তিনিগৰাকী গৰ্ভৱতী মহিলা ৷ বৰ্তমান বিজনী মহকুমাত বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকা লোকৰ সংখ্যা হ'ল মুঠ 247জন ।
বহিঃৰাজ্যৰ পৰা ৰে'লৰে বিজনীলৈ 49 জন লোক
দেওবাৰে চিৰাঙৰ বিজনীত ৰে'লেৰে আহি উপস্থিত হয় তামিলনাডু আৰু মহাৰাষ্ট্ৰৰ পৰা 49জন লোক । তাৰ ভিতৰত 44 জন মাদ্ৰাছাৰ ছাত্ৰ,দুগৰাকী শিক্ষক আৰু তিনিগৰাকী গৰ্ভৱতী মহিলা ৷ ইতিমধ্যে কোৱাৰেন্টাইন কৰা হৈছে আটাইকেইজনকে ৷
বহিঃৰাজ্যৰ পৰা ৰে'ল যোগে চিৰাঙৰ বিজনীলৈ 49জন লোক
মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ পৰা দেওবাৰে মুঠ 49 জন লোক বিজনীত আহি পোৱাৰ লগে লগে বিজনীত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰে প্ৰশাসনে । ইয়াৰে 12 জনক বিজনী হোলি চাইল্ড বিদ্যালয়ত আৰু 34জনক বিজনী শিশু কল্যাণ হাইস্কুলস্থিত কোৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ লগতে দলটোত থকা 3 গৰাকী গৰ্ভৱতী মহিলাক হোম কোৱাৰেন্টাইন কৰা হৈছে বুলি জনাইছে বিজনী মহকুমা প্ৰশাসনে ।
লগতে পঢ়কঃ ৰাজ্যত পুনৰ 23 জনৰ দেহত কৰ'ণা ভাইৰাছ