বঙাইগাঁও, 7 এপ্ৰিল : "আলফাই আলোচনা প্ৰক্ৰিয়া সম্পন্ন কৰি চুক্তি স্বাক্ষৰ নোহোৱালৈ কোনো নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে" ৷ দেওবাৰে বঙাইগাঁৱত অনুষ্ঠিত আলফাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই এই মন্তব্য প্ৰকাশ কৰে ৷
বঙাইগাঁৱত অনুষ্ঠিত আলফাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস - আলফা
অসমবাসীক খিলঞ্জীয়া অসমবাসীৰ হৈ কাম কৰা প্ৰাৰ্থীক ভোটদানৰ আহ্বান আলফা সভাপতি অৰবিন্দ ৰাজখোৱাৰ
![বঙাইগাঁৱত অনুষ্ঠিত আলফাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2929389-thumbnail-3x2-ilfa3.jpg)
দেওবাৰে বঙাইগাঁও জিলাৰ 1 নং নোৱাপাৰাস্থিত অসম নৱ নিৰ্মাণ কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে আলফাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই সাংগঠনিক পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ এই অনুষ্ঠানত আলফাৰ কেন্দ্ৰীয় সমিতিৰ অনুপ চেতিয়া, শশ চৌধুৰী, ৰাজু বৰুৱা, প্ৰদীপ গগৈ, কাৱেৰী কছাৰী ৰাজখোৱা আৰু অমৰজিত গগৈকে ধৰি বহু লোক উপস্থিত থাকে ৷ এই অনুষ্ঠানত অৰবিন্দ ৰাজখোৱাই কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বেই আলোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি চুক্তি স্বাক্ষৰ নকৰিলে আলোচনা প্ৰক্ৰিয়া ত্যাগ কৰি পূৰ্বৰ স্থিতিলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ কিন্তু আলোচনাৰ ৰেহৰূপৰ প্ৰতি লক্ষ্য ৰাখি আলোচনা প্ৰক্ৰিয়া বাহাল ৰখাৰ সিদ্ধান্ত কৰে তেওঁলোকে । ইয়াৰোপৰি তেখেতে কয় যে আলফাই আলোচনা প্ৰক্ৰিয়া সম্পন্ন কৰি চুক্তি স্বাক্ষৰ নোহোৱালৈকে কোনো নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে ৷ লগতে অসমবাসীক খিলঞ্জীয়া অসমবাসীৰ হৈ কাম কৰা প্ৰাৰ্থীক ভোটদানৰ আহ্বান জনায় । তদুপৰি এই নিৰ্বাচনত আলফাৰ কোনো ভূমিকা নাথাকে বুলি স্পষ্ট কৰি দিয়ে আলফা সভাপতি জনে ।