অসম

assam

ETV Bharat / state

পুনেৰ পৰা আহি শ্ৰীৰামপুৰত উপস্থিত 30 গৰাকী শ্ৰমিক - বহি: ৰাজ্যৰ পৰা অসম

কোকৰাঝাৰৰ শ্ৰীৰামপুৰত পুনেৰ পৰা অহা ৩০ জন শ্ৰমিকক পৰীক্ষা নকৰাকৈ ঘৰলৈ যোৱাৰ অনুমতি দিয়াৰ অভিযোগ আছাৰ ৷

Chirang AASA reaction on quraintine center
শ্ৰীৰামপুৰত পুনেৰ পৰা অহা ৩০ জন শ্ৰমিক উপস্থিত

By

Published : May 25, 2020, 12:55 PM IST

Updated : May 25, 2020, 3:01 PM IST

চিৰাং,25মেঃ কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক গেটত বহিঃৰাজ্যৰ পৰা অহা লোকক ভালদৰে পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অৰ্জুন ছোৰেনে ৷

শনিবাৰে ৰাতিপুৱা ৩০ জন শ্ৰমিকে বাছ ভাড়া কৰি পুনেৰ পৰা আহি শ্ৰীৰামপুৰত উপস্থিত হয় ৷ উক্ত শ্ৰমিকৰ দলটোৰ পৰা নিশা ন বজাত নামসমূহ সংগ্ৰহ কৰি তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয় ৷ কোনো ধৰনৰ হোম কোৱাৰেন্টাইন বা আনুস্থানিক কোৱাৰেন্টাইন নকৰি যাব দিয়াটো সমাজৰ বাবে ভয়ানক বুলি অভিযোগ কৰে ছাত্ৰ নেতাজনে । ইপিনে আটাইকেইজন লোক শ্ৰীৰামপুৰ সীমান্ত অঞ্চলৰ আদিবাসী লোক বুলিও জনায় ছাত্ৰ নেতাজনে ।

শ্ৰীৰামপুৰত পুনেৰ পৰা অহা ৩০ জন শ্ৰমিক উপস্থিত

শেহতীয়াকৈ বহিঃৰাজ্যৰ পৰা অসমলৈ অহা অধিকাংশ লোকেই কৰ‘ণাত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে । তেনে অৱস্থাত পুনেৰ পৰা অহা ৩০ জন লোকক কোনো পৰীক্ষা নকৰাকৈ ঘৰলৈ যাব দিয়া ঘটনাটো স্বাস্থ্য মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ কথাও সদৰি কৰে আছাৰ তৰফৰ পৰা । এই ৩০ জন শ্ৰমিকৰ কোনো এজনেই যে কৰ‘ণাত আক্ৰান্ত নহয় তাৰ নিশ্চয়তা কোনে দিব আৰু সজাগতাহীন গ্ৰামাঞ্চলত এইসকল লোক ঘৰত যোৱাৰ পিচত পৰিয়ালৰ সৈতে একেলগে থকাৰ সমান্তৰালকৈ সমাজৰ বিভিন্নজনৰ সৈতে একেলগে আছে । গতিকে স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোক সকলক কোনো ধৰনৰ আপোচ নকৰাকৈ কোৱাৰেন্টাইন আৰু পৰীক্ষা কৰিহে সামাজিকভাৱে থকাৰ অনুমতি দিয়াৰ দাবী জনায় আছাৰ সাংগঠিক সম্পাদক অৰ্জুন ছোৰেনে ।

লগতে পঢ়কঃ নগাঁও পোষ্টাৰ কাণ্ডঃ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া

Last Updated : May 25, 2020, 3:01 PM IST

ABOUT THE AUTHOR

...view details