চিৰাং, 12 নৱেম্বৰ: চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত সেনা, কোব্ৰা আৰু আৰক্ষীৰ যৌথ অভিযান । চোৰাংচোৱাৰ সূত্ৰৰ ভিত্তিত, ভাৰত-ভূটান সীমান্তৰ ৰিপুচিৰাং সংৰক্ষিত বনাঞ্চলত এন ডি এফ বি(সং) সদস্যৰ সম্ভেদ পাই সেনাই যৌথ অভিযান চলাইছিল । অভিযানত মাৰণাস্ত্ৰসহ তিনিজনকৈ এন ডি এফ বি (সং) ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা সদস্যকেইজন ক্ৰমে, নৰেন বসুমতাৰী,দহো দৈমাৰী আৰু ছায়াৰাম বুলি সেনাৰ সূত্ৰত প্ৰকাশ । সেনাই সদস্যকেইজনৰ পৰা এটা বন্দুক, চাৰিজাই সজীৱ গুলী উদ্ধাৰ কৰে । সম্প্ৰতি সেনা,আৰক্ষী,কোব্ৰা তথা নিৰাপত্তা বাহিনীৰ যৌথ অভিযানে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । আৰক্ষীয়ে এন ডি এফ বিৰ বিৰুদ্ধে চিৰাং জিলাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে ৷
চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযান, মাৰণাস্ত্ৰ সহ তিনিজন উগ্ৰপন্থী গ্ৰেপ্তাৰ - মাৰণাস্ত্ৰসহ তিনিজনকৈ এন ডি এফ বি (সং) ৰ সদস্যক গ্ৰেপ্তাৰ
ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত সেনা, কোব্ৰা আৰু আৰক্ষীৰ যৌথ অভিযান, অভিযানত মাৰণাস্ত্ৰসহ তিনিজনকৈ এন ডি এফ বি (সং) ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়,সদস্যকেইজনৰ পৰা এটা বন্দুক, সজীৱ গুলী চাৰিজাই উদ্ধাৰ কৰে
চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰণাস্ত্ৰ সহ তিনিজন উগ্ৰপন্থী গ্ৰেপ্তাৰ