অসম

assam

ETV Bharat / state

চিৰাঙত দুই লক্ষাধিক টকা জব্দ

শনিবাৰে সন্ধিয়া প্ৰায় ৪.৩০ বজাত AS26A7567 নম্বৰ পালছাৰ বাইকেৰে শান্তিপুৰৰ পৰা আহি থকা অৱস্থাত অভিযানকাৰী দলটোৱে টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

By

Published : Apr 14, 2019, 1:26 AM IST

চিৰাঙত ধনৰ অবৈধ সৰবৰাহ

চিৰাং, 13 এপ্ৰিলঃ চিৰাঙত ফ্লাইং স্কোৱাড আৰু আৰক্ষীৰ অভিযানত জব্দ ২ লাখ ২০ হেজাৰ টকা ৷ জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পূৱ এংকৰ বাৰীত আগ্যা বচনেত নামৰ লোকজনৰ পৰা জব্দ কৰে টকাখিনি ৷ শনিবাৰে সন্ধিয়া প্ৰায় ৪.৩০ বজাত AS26A7567 নম্বৰ পালছাৰ বাইকেৰে শান্তিপুৰৰ পৰা আহি থকা অৱস্থাত অভিযানকাৰী দলটোৱে টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, বিগত কিছুদিন আগতে একেজন ব্যক্তিৰ পৰা তিনি লাখ টকা উদ্ধাৰ হৈছিল ৷ লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণ বিধি বলবৎ থকা সময়ত এই দৰে অবৈধভাৱে কঢ়িয়াই অনা ধন জব্দ কৰা হয় ৷

চিৰাঙত ধনৰ অবৈধ সৰবৰাহ

ABOUT THE AUTHOR

...view details