চিৰাং, 21 জানুৱাৰীঃ নামনি অসমৰ বিজনীস্থিত নৰ্থ ইষ্ট মিলিটাৰী স্কুলে আজি পূৰ্ণ কৰে সম্পূৰ্ণ এবছৰ ৷ যোৱাবছৰৰ আজিৰ দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল বিদ্যালয়খন ৷ বিজনীৰ হাঁহচৰাস্থিত এইখন বিদ্যালয় ৰাজ্যৰ ভিতৰতে প্ৰথম য'ত প্ৰাৰম্ভিক শিক্ষাৰ লগতে সেনাবাহিনীত যোগদান কৰিবলৈ সকলো সামৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷
শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰদৰ্শিত দুঃসাহসিক ক্ৰীড়া বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল মঙলবাৰে বিদ্যালয়খনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ বিদ্যালয়খনৰ স্থায়ী গৃহ নিৰ্মাণৰ আধাৰশীলা স্থাপন কৰে ভাৰতীয় সেনাৰ 5ম গাড়ৱাল ৰাইফলছৰ কেপ্টেইন সুধিৰে ৷ 25 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা বিদ্যালয়খনলৈ মুখ্যমন্ত্ৰীয়ে 2 কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে ৷
বিশিষ্টব্যক্তিসকলৰ পৰা বঁটা গ্ৰহণৰত শিক্ষাৰ্থীসকল নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস 28গৰাকী শিক্ষাৰ্থী আৰু 6গৰাকী শিক্ষকেৰে যাত্ৰা আৰম্ভ কৰা বিদ্যালয়খনে আজি এবছৰ সম্পূৰ্ণ কৰে ৷ বিদ্যালয়খনৰ কাৰ্যকৰী সভাপতিডাঃ ৰতন ৰায়ৰ সভাপতিত্বত প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন মুকলি সভাও অনুষ্ঠিত হয় ৷
নৰ্থ ইষ্ট মিলিটাৰী স্কুলত বিধায়ক কমল সিং নাৰ্জাৰী সভাত বিদ্যালয়ৰ মুখ্য উপদেষ্টা তথা শিশু বিশেষজ্ঞ ডাঃ ইতেশ বৰদলৈৰ লগতে বিধায়ক কমল সিং নাৰ্জাৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক অনুপম সৰকাৰ, অধ্যক্ষ প্ৰবীণ কুমাৰ ভূঞাৰ লগতে সেনাৰ 5ম গাড়ৱাল ৰাইফলছৰ কেপ্টেইন সুধিৰেঅংশগ্ৰহণ কৰে ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা কেপ্টেইন সুধিৰে কেৰেলাৰ এখন সাধাৰণ গাঁৱৰ চৰকাৰী বিদ্যালয়ত পঢ়ি কিদৰে সেনাৰ কেপ্টেইন পদত অধিস্থিত হ'বলৈ পালে সেই বিষয়ে প্ৰকাশ কৰে ৷ সভাত বিদ্যালয়খনৰ 7গৰাকী শিক্ষাৰ্থীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অলিম্পিয়াড পৰীক্ষাত গনিত, বিজ্ঞান আৰু অন্যান্য বিষয়ত লাভ কৰা স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ বাবে বঁটা প্ৰদান কৰা হয় ৷ সভাৰ অন্তত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে সেনাৰ তত্বাৱধানত বিভিন্ন দুঃসাহসিক কাৰ্যসূচী প্ৰদৰ্শন কৰে ৷