চিৰাং, 29 চেপ্তেম্বৰঃ দেশৰ সুৰক্ষাৰ লগতে জনসাধাৰণ নিৰাপত্তা নিশ্চিত কৰিবলৈ বিশেষ পদক্ষেপ সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ চিভিক এক্সন প্ৰগ্ৰেমৰ আধাৰত বাহিনীটোৱে ৰাইজৰ মাজত বিভিন্ন অসামৰিক সেৱা প্ৰদান কৰি আহিছে ৷
ভিতৰুৱা অঞ্চলত স্বাস্থ্য সেৱা প্ৰদান এছএছবিৰ - 15 বেটালিয়নৰ কামাণ্ডেন্ট দূৰ্গা বাহাদুৰ
ভাৰতৰ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ অন্যতম তথা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা সশস্ত্ৰ সীমা বলৰ দেশপ্ৰেমৰ অনন্য নিদৰ্শন ৷ সীমান্তৱৰ্তী ভিতৰুৱা অঞ্চলত স্বাস্থ্যসেৱাকে ধৰি জীৱিকা নিৰ্বাহৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ আদিকে ধৰি শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত বাহিনীটোৱে পালন কৰি আহিছে উপযুক্ত ভূমিকা ৷
চিৰাং জিলাৰ কাজলগাঁৱস্থিত এছএছবিৰ 15 বেটালিয়নে দেওবাৰে স্থানীয় ৰাইজৰ মাজত বিতৰণ কৰে চিলাই মেচিন ৷ চিভিক এক্সন প্ৰগ্ৰেমৰ অধীনত স্থানীয় চিকাঝৰাত 10গৰাকী স্থানীয় মহিলাক বিগত 15 দিনে বিনামুলীয়াকৈ কাপোৰ চিলাইৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল এছএছবিয়ে ৷ প্ৰশিক্ষণৰ অন্তত দেওবাৰে মহিলাকেইগৰাকীক একোটিকৈ চিলাই মেচিন প্ৰদান কৰে বাহিনীটোৱে ৷
আনহাতে একেটা স্থানতে বাহিনীটোৱে আয়োজন কৰে এক বিনামুলীয়া স্বাস্থ্য শিৱিৰ ৷ এছএছবিত কৰ্মৰত চিকিৎসক ডাঃ নিশিকান্তে চিকাঝৰা অঞ্চলৰ শতাধিক ৰাইজক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰদান কৰে বিনামুলীয়া ঔষধ ৷ জিলাখনৰ বিজনী মহকুমাৰ অধীনৰ 2নং চিকাঝৰা ত্ৰিনয়নী গ্ৰাম্য কাৰ্যালয়ত বাহিনীটোৱে আয়োজন কৰে এই কাৰ্যসূচী ৷ এছএছবিৰ চিভিক এক্সন কাৰ্যসূচীত উপস্থিত থাকে বিজনী মহকুমাৰ মহকুমাধিপতি দিথকানন্দ হাজৰিকা, ১৭নং সুবাইঝাৰ সমষ্টিৰ MCLA গুনেশ্বৰ গয়াৰী, বিষ্ণুপুৰ ভিচিডিচিৰ সভাপতি গদাধৰ দাসৰ লগতে 15 বেটালিয়নৰ কামাণ্ডেন্ট দূৰ্গা বাহাদুৰ ৷ অনুষ্ঠানৰ মাজতে কামাণ্ডেন্ট দূৰ্গা বাহাদুৰে ভাৰত দৰ্শন কাৰ্যসূচীৰ অধীনত শৈক্ষিক ভ্ৰমণৰ উদ্দেশ্যে অঞ্চলটোৰ পৰা 15গৰাকীকৈ শিক্ষাৰ্থীক ৰাজস্থান ভ্ৰমণৰ বাবে লৈ যোৱা হ'ব বুলি প্ৰকাশ কৰে ৷