চিৰাং, 4 জুন:বঙাইগাঁও জিলাৰ পশ্চিম গেৰুকাবাৰীত আৰক্ষীৰ অভিযান । অভিযানত ১০৪ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ কৰে আৰক্ষীয়ে । চুপাৰীৰ বজাৰমূল্য প্ৰায় ২৫ লাখ টকা হ’ব । গেৰুকাবাৰী আৰক্ষীৰ চকীৰ উপ পৰিদৰ্শক নৱজিৎ ৰায়ৰ তৎপৰতাত আৰু আৰু মানিকপুৰ থানাৰ আৰক্ষীৰ এটা দলে পশ্চিম গেৰুকাবাৰীৰ নিবাসী সাহাদত আলীৰ ঘৰত যুটীয়া অভিযান চলাই ১০৪ বস্তা চুপাৰী জব্দ কৰে আৰক্ষীয়ে ।
পশ্চিম গেৰুকাবাৰীত আৰক্ষীৰ অভিযানত জব্দ ১০৪ বস্তা বাৰ্মিজ চুপাৰী - চুপাৰী
পশ্চিম গেৰুকাবাৰীত আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ ১০৪ বস্তা বাৰ্মিজ চুপাৰী ৷ সোধপোচৰ বাবে সাহাদত আলী নামৰ লোকজনক আটক ৷
পশ্চিম গেৰুকাবাৰীত আৰক্ষীৰ অভিযানত জব্দ ১০৪ বস্তা বাৰমিজ চুপাৰী
জানিব পৰা মতে উক্ত চুপাৰীখিনি সাহাদত আলীৰ লগতে আন এজন লোকৰ বুলি জানিব পৰা গৈছে । এইপৰ্যন্ত আনজন লোকৰ নাম পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ অনুসন্ধানৰ পিছত লোকজনৰৰ নাম পোহৰলৈ আহিব বুলি আশা কৰা হৈছে । সাহাদত আলীক সোধপোচৰ বাবে আটক কৰি গেৰুকাবাৰী আৰক্ষী চকীত লৈ যায় ।