চৰাইদেউ, 21 মাৰ্চঃঅসম-নগালেণ্ড সীমান্তৰ গেলেকীত ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে যুটীয়া অভিযান চলাই আলফা স্বাধীনৰ এজন দুৰ্ধৰ্ষ সদস্য আটক কৰিবলৈ সক্ষম হয়। চৰাইদেউ জিলাৰ সাপেখাতিস্থ সেনা শিবিৰ আৰু চণ্টক সেনা শিবিৰৰ লগতে শিৱসাগৰ আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দল শুকুৰবাৰে নিশা আটক কৰিবলৈ সক্ষম হয় আলফা সদস্যজনক। সেনাবাহিনীৰ সূত্ৰে জনোৱা অনুসৰি আলফা সদস্যজন শিৱসাগৰ জিলাৰ গেলেকীৰ আবিদুৰ ৰহমান(৫০)। গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশা চলোৱা অভিযানত আটকাধীন গেলেকীৰ ভোলা আলিৰ পুত্ৰ আবিদুৰৰ পৰা দুটা জিলেটিন ষ্টিক, তিনিটা কৰডেক্স, সাতটা ডিটনেটৰ উদ্ধাৰ কৰে । অধিক তথ্যৰ বাবে গেলেকী আৰক্ষী থানাত সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
সেনাবাহিনী আৰু আৰক্ষীৰ যৌথ অভিযানত আলফা (স্বা)ৰ সদস্য আটক - আলফা (স্বা)ৰ সদস্য আটক
চৰাইদেউ জিলাৰ সাপেখাতিস্থ সেনা শিবিৰ আৰু চণ্টক সেনা শিবিৰৰ লগতে শিৱসাগৰ আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দল শুকুৰবাৰে নিশা আটক কৰিবলৈ সক্ষম হয় আলফা সদস্যজনক।

আলফা (স্বা)ৰ সদস্য আটক
আলফা (স্বা)ৰ সদস্য আটক
লগতে পঢ়কঃ এই সময়ত প্ৰয়োজন অধিক আছুতীয়া কক্ষৰ