মৰাণ, ৭ ছেপ্টেম্বৰ: চৰাইদেউ জিলাৰ মৰাণত চলিছে সুলভ মূল্যৰ চাউলৰ চোৰাং বেহা । সোমবাৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমানৰ নেতৃত্বত অভিযান চলোৱা হয় মৰাণৰ হিংৰিজানত । এই অভিযানত এখন সুলভ মূল্যৰ দোকান আৰু এখন গেলামালৰ দোকান ছীল কৰে অভিযানকাৰী দলটোৱে । উল্লেখ্য যে, হিংৰিজান চাহ বাগিচাৰ ফেক্টৰী লাইনৰ ৰঞ্জিত সিং নামৰ সুলভ মূল্যৰ দোকানী এজনে সুলভ মূল্যৰ চাউল নিজৰ ঘৰলৈ আনি নতুন বস্তাত পেকেটিং কৰি হিংৰিজানৰ গেলামাল দোকানৰ স্বত্বাধিকাৰী সুমিত পাটোৱাৰীক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল ।
মৰাণত বগা চাউলৰ ক'লা বেহা - চৰাইদেউ জিলাৰ হিংৰিজানত অভিযান
সুলভ মূল্যৰ দোকানত ওলমিল তলা । চৰাইদেউ জিলাৰ হিংৰিজানত সুলভ মূল্যৰ চাউলৰ চোৰাং বেহা চলাইছে একাংশ অসাধু ব্যৱসায়ীয়ে । সোমবাৰে প্ৰশাসনে অভিযান চলাই ছীল কৰিলে দুখন দোকান ।
![মৰাণত বগা চাউলৰ ক'লা বেহা Two shops sealed for Black marketing of rice at Moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12993149-172-12993149-1631004348631.jpg)
সোমবাৰে অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমানে নিজেই অভিযান চলাই সমগ্ৰ ঘটনা পোহৰলৈ আনে । তদন্ত কৰি সুলভ মূল্যৰ দোকানত বিসংগতি পোৱাৰ লগতে নতুন চাউলৰ বস্তা ৰঞ্জিত সিঙৰ ঘৰত জব্দ হোৱাৰ পাছত সুলভ মূল্যৰ দোকানখন ছীল কৰে ৷ ইয়াৰ পাছতে গেলামাল দোকানৰ স্বত্বাধিকাৰী সুমিত পাটোৱাৰীৰ দোকানত চালানবিহীন ৫০ বস্তা চাউল জব্দ হোৱাত গেলামালৰ দোকানখনতো তলা ওলমায় ৷ পৰৱৰ্তী সময়ত যোগান বিভাগে সমগ্ৰ বিষয়টো তদন্ত কৰিব ৷
আনহাতে, সমগ্ৰ বিষয়টো উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই ৷ সংগঠনৰ নেতৃত্বই জনোৱা মতে, তেওঁলোকে চাউলৰ চোৰাং বেহা চলি থকাৰ বিষয়ে সন্দেহ প্ৰকাশ কৰিছিল আৰু সেয়া আজি সত্য প্ৰমাণিত হৈছে ।
লগতে পঢ়ক:ঐতিহাসিক চৰাইদেউত পৰ্যটকৰ বাবে মুকলি দেওশাল