অসম

assam

ETV Bharat / state

প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কিশোৰীক - উপ-আৰক্ষী অধীক্ষক

প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰা হ'ল ছয় বছৰীয়া এগৰাকী কিশোৰীক ৷ সোণাৰীৰ টিঙালীবাম চাহবাগিচাৰ এই হত্যাকাণ্ডৰ সৈতে জড়িত দুই অপৰাধী চৰাইদেউ আৰক্ষীৰ জালত পৰিছে ৷

প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কিশোৰীক
প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কিশোৰীক

By

Published : Aug 27, 2021, 8:25 PM IST

মৰাণ, 27 আগষ্ট :প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰা হৈছিল এগৰাকী কিশোৰীক । সোণাৰীৰ টিঙালীবাম চাহ বাগিচাৰ ছয় বছৰীয়া কিশোৰী গৰাকীৰ হত্যাকাণ্ডত জড়িত অপৰাধীয়ে আগবাঢ়াইছে এই বিস্ফোৰক ভাষ্য । উল্লেখযোগ্য যে, সোণাৰীৰ টিঙালীবাম চাহ বাগিচাত সংঘটিত হত্যাকাণ্ডৰ লগত জড়িত দুই অপৰাধীক বৃহস্পতিবাৰে আটক কৰবিলৈ সক্ষম হৈছে আৰক্ষী ।

কণমানী কিশোৰী গৰাকীক হত্যা কৰাৰ তিনিদিনৰ ভিতৰতে চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই অপৰাধী দুটাক আটক কৰিবলৈ সক্ষম হৈছে ৷ কিশোৰী গৰাকীৰ হত্যাকাণ্ডৰ লগত জড়িত আটকাধীন দুই অপৰাধী হৈছে ৰোহন গোৱালা আৰু বাদলু প্ৰজা । চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী আৰু উপ-আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ নেতৃত্বত চলা অভিযানত আটক হয় দুই অপৰাধী ।

প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কিশোৰীক

লগতে পঢ়কঃ 'জন আশীৰ্বাদ যাত্ৰা' পুনৰ আৰম্ভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই

উল্লেখযোগ্য যে, চলিত সপ্তাহৰৰ সোমবাৰে সমনীয়াৰ সৈতে খৰি বিচাৰি যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল টিঙালীবাম চাহ বাগিচাৰ ছয় বছৰীয়া কিশোৰী গৰাকী ৷ ইপিনে সন্ধিয়ালৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত চাহ বাগিচাৰ মাজত এটা নলাত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰী গৰাকীৰ মৃতদেহ ৷

লগতে পঢ়কঃ আৰ্হি সলনি হ'লেও স্থিতি একেই; আফগানিস্তানত পুনৰ ৰাজহুৱাভাৱে নিষিদ্ধ হ'ব সংগীত

তাৰ পাচতেই আৰক্ষীয়ে টিঙালীবাম চাহ বাগিচাত অপৰাধীক বিচাৰি চলাইছিল অভিযান । এই অভিযানৰ সময়ত মৃতদেহ উদ্ধাৰ হোৱা স্থানত মঙলবাৰে হাবিৰ মাজত উদ্ধাৰ হৈছিল দুখন কৈ চোকা দা । ইফালে কিশোৰী গৰাকীৰ লগত যোৱা দুই সমনীয়াৰ ভাষ্য অনুসৰি চাহ বাগিচাৰ মাজত এজন লোকে মৃত কিশোৰী গৰাকী ৰ'বলৈ কৈ বাকী সকলক ধমকি দি উভতাই পঠাইছিল চাহ বাগিচাৰ পৰা।

সেই সূত্ৰৰ পম খেদি টিঙালীবাম আৰক্ষী চকীলৈ সোধা-পোছৰ বাবে অনা চাহ বাগিচাৰ একাংশ শ্ৰমিকৰ মাজৰপৰা ৰোহন গোৱালাক কিশোৰী গৰাকীৰ সৈতে খৰি বিচাৰি যোৱা সমনীয়াই কৰা চিনাক্তকৰণৰ ভিত্তিত প্ৰথমে আটক কৰে ৷ তাৰ পাচত ৰোহনৰ স্বীকাৰোক্তিৰ ভিত্তিত চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাদলু প্ৰজাক ।

চৰাইদেউ আৰক্ষী অধীক্ষকজনে জানোৱা মতে, হত্যাকাৰীয়ে স্বীকাৰ কৰিছে কিশোৰী গৰাকীৰ প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে; যাতে ঘটনাটোৰ কথা কোনেও গম নাপায় ।

লগতে পঢ়কঃ ৰাজ্যত পুনৰ উগ্ৰপন্থীৰ কূটাঘাত: সন্দেহযুক্ত DNLAৰ গুলীত নিহত পাঁচজন ট্ৰাক চালক

ABOUT THE AUTHOR

...view details