অসম

assam

ETV Bharat / state

নামতোলাত ড্ৰাগছসহ আটক দুই ব্যৱসায়ী - গোচৰ ৰুজু

চৰাইদেউৰ নামতোলাত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই ড্ৰাগছ মাফিয়া ৷ জব্দ হয় বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ৷ আৰক্ষীয়ে গোপন সূত্ৰে বিশেষ অভিযান চলাই দুই ড্ৰাগছ মাফিয়াৰ জিম্মাৰ পৰা তিনি গ্ৰাম ড্ৰাগছসহ এই ব্যৱসায়ত ব্যৱহৃত বহু সংখ্যক পাত্ৰ, চিৰিঞ্জ আৰু ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা কাগজ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

two-drugs-peddler-with-drugs-arrested-in-namtola
নামতোলাত ড্ৰাগছসহ আটক দুই ড্ৰাগছ ব্যৱসায়ী

By

Published : May 5, 2021, 5:52 PM IST

শিৱসাগৰ,5 মে': চৰাইদেউৰ নামতোলাত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই ড্ৰাগছ মাফিয়া ৷ জব্দ হয় বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ৷ অবৈধ বেহা-বেপাৰৰ ৰমৰমীয়া ঘাটিলৈ ইতিমধ্যে পৰ্যবসিত হোৱা অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী নামতোলা অঞ্চলত চলি থকা নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় আৰু প্ৰচলন ৰোধ কৰিবলৈ চৰাইদেউ জিলা আৰক্ষীয়ে যোৱা কিছুদিন ধৰি গ্ৰহণ কৰিছে বিশেষ অভিযান । অঞ্চলটোত একাংশ ব্যৱসায়ীয়ে বিভিন্ন পক্ষক মেনেজ কৰি নিষিদ্ধ ড্ৰাগছৰ সমান্তৰালভাৱে অবৈধ সুৰা, ভাং, কানি, নিচাযুক্ত টেবলেট আদিৰ ব্যৱসায় ৰমৰমীয়াভাৱে অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছিল বিগত সময়চোৱাত ।

সীমান্তৱৰ্তী অঞ্চলটোত এইদৰে অবৈধ ড্ৰাগছৰ লগতে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বেহা অব্যাহত থকাৰ সময়তে গোপন সূত্ৰৰ পম খেদি বুধবাৰে পুৱা চৰাইদেউ জিলাৰ উপ-আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ নেতৃত্বত আৰু নামতোলা আৰক্ষীৰ সহযোগত অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।

নামতোলাত ড্ৰাগছসহ আটক দুই ড্ৰাগছ ব্যৱসায়ী

জানিব পৰা মতে, নামতোলাৰ নাগালেণ্ড সীমান্তত থকা গাহৰিকটা লাইনৰ মদন থাপাৰ পুত্ৰ মইনা থাপা আৰু হাতীকেম্প অঞ্চলৰ আফচৰ আলীৰ পুত্ৰ ৰোনাল আলীৰ ঘৰত আৰক্ষীয়ে গোপন সূত্ৰে বিশেষ অভিযান চলায় ৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে দুই ড্ৰাগছ মাফিয়াৰ জিম্মাৰ পৰা তিনি গ্ৰাম ড্ৰাগছসহ এই ব্যৱসায়ত ব্যৱহৃত বহু সংখ্যক পাত্ৰ, চিৰিঞ্জ আৰু ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা কাগজ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আটকাধীন দুয়োগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে নামতোলা আৰক্ষী থানাত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :মমতা বেনাৰ্জীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ABOUT THE AUTHOR

...view details