সোণাৰি,৭ ডিচেম্বৰ:মঙলবাৰে পুৱাই সোণাৰি সদৰ থানাত সংঘটিত চাঞ্চল্যকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত (Sonari police murder case) । সদৰ থানাখনৰ ভিতৰতে দীপক কাকতি নামৰ এগৰাকী আৰক্ষীৰ গুলীত নিহত হৈছিল গকুল বসুমতাৰী নামৰ আন এগৰাকী আৰক্ষী (Police personnel shot dead in Sonari)। ঘটনাৰ পাছতে গুলীবিদ্ধ গকুল বসুমতাৰীক ততাতৈয়াকৈ চৰাইদেউ ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু হয় গকুল বসুমতাৰীৰ ।
মৰোণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পাছতেই সন্ধিয়া সোণাৰি সদৰ থানা চৌহদতে অনুষ্ঠিত কৰা হয় গকুল বসুমতাৰীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান । চকুলো টুকি সতীৰ্থক শেষ শ্ৰদ্ধা জনালে আৰক্ষী বিষয়া-জোৱানে । চৰাইদেউ জিলাৰ শীৰ্ষ আৰক্ষীৰ বিষয়া সকলৰ লগতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও অংশগ্ৰহণ কৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত (Tribute to Gokul Basumatary in Sonari) । বিধায়ক গৰাকীয়ে আৰক্ষী জোৱানগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে । পুনৰ যাতে এনে ঘটনা কেতিয়াও সংঘটিত নহয় তাৰ বাবে সকলো আৰক্ষীক আহ্বান জনাই বিধায়কগৰাকীয়ে ।
জানিব পৰা মতে, সামান্য তৰ্কাতৰ্কিৰ পিছতে এজন আৰক্ষী জোৱানে আনজন সতীৰ্থ আৰক্ষী জোৱানক গুলী কৰিছিল ৷ অভিযুক্ত দীপক কাকতিয়ে জানিবলৈ দিয়া মতে বিগত কেইবাদিনো ধৰি নৱম অসম আৰক্ষী বেটেলিয়নৰ জোৱান গকুল বসুমতাৰী আৰু সতীৰ্থ দীপক কাকতিৰ মাজত অব্যাহত আছিল মতানৈক্য (Police personnel killed by colleague) ৷ আনকি পূৰ্বেও মৃত গকুলৰ সৈতে কেইবাবাৰো মাৰপিটত লিপ্ত হোৱা বুলিও উল্লেখ কৰে জোৱান দীপক কাকতিয়ে (Sonari police station murder case) ৷