মৰাণ, 23 মাৰ্চ : বৰ অসমৰ প্ৰতিষ্ঠাপক চাওল্যুং চুকাফাকে ধৰি আন স্বৰ্গদেউসকলৰ পূণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই সোমবাৰৰ পৰা দুদিনীয়াকৈ ঐতিহাসিক চৰাইদেউ মৈদাম স্থলীত আয়োজন কৰা হয় ৭০ সংখ্যক স্মৃতি তৰ্পণ অনুষ্ঠান (Tribute Ceremony to Ahom kings at Charaideo Maidam) ৷ পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে আয়োজন কৰা হয় এই স্মৃতি তৰ্পণ অনুষ্ঠানটো ৷ সুদীৰ্ঘ কাল ৰাজত্ব কৰা আহোম স্বৰ্গদেউসকলৰ লগতে আৰাধ্য দেৱতা লেংডন, খুনলুং আৰু খুনলাইৰ নামত মঙলবাৰে ৪২ খন পায়সৰ শৰাই আগবঢ়াই সেৱা গ্ৰহণ কৰা হয় ৷
আনহাতে, এই কাৰ্যসূচী অনুসৰি, প্ৰথম দিনা লাংকুৰি দেওশালৰ নামনিত অৱস্থিত গোটা দৌলত চোমদেওলৈ শৰাই আগবঢ়োৱা হয় ৷ লগতে মঙলবাৰে নিশা দৌলত নাম-কীৰ্তনো কৰা হয় ৷ দুদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে শতাধিক ৰাইজ ৷