ডিব্ৰুগড়, 10 অক্টোবৰ : সোমবাৰে উত্তাল হ’ল সোণাৰিৰ পাচলি বজাৰ ৷ ব্যৱসায়ী খচৰুল ইছলামক হত্যাৰ চেষ্টা চলোৱা দোষীক শাস্তি দিয়াৰ লগতে আন দুই অভিযুক্তক কাৰায়ত্ত কৰাৰ দাবীত উত্তাল হ’ল সোণাৰি (Traders association protest at Sonari) ৷ এক প্ৰকাৰে ব্যৱসায়ী খচৰুল ইছলামৰ ন্যায়ৰ (Justice for Khasrul Islam) আন্দোলনত নামি পৰিছে ব্যৱয়াসীসকল ৷
বিগত 3 অক্টোবৰত সোণাৰিৰ পাচলি ব্যৱসায়ী খচৰুল ইছলামক আন এজন পাচলি ব্যৱসায়ী চিয়াবউদ্দিন আহমেদে পৰিয়ালৰ আন দুজন উদণ্ড যুৱকক লগত লৈ গুৰুলাগুৰুলভাৱে প্ৰহাৰ কৰিছিল ৷ ফলত গুৰুতৰভাৱে আহত হৈছিল ব্যৱসায়ীগৰাকী ৷
সেয়ে এই ঘটনাত জড়িত সকলো দোষীক শীঘ্ৰেই আটক কৰাৰ দাবীত সোমবাৰে সোণাৰি শাক-পাচলি ব্যৱসায়ী সন্থা, পাচলি বজাৰ সন্থা, মাছ বজাৰ সন্থা আৰু মদিনা মাৰ্কেট ব্যৱসায়ী সন্থাই দিনৰ দহ বজাৰ পৰা মদিনা মাৰ্কেটৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protest at Sonari)।