অসম

assam

ETV Bharat / state

চাহেবখানাৰ নিজৰাৰ কুলু-কুলু ধ্বনিত মন মোহিত প্ৰকৃতিপ্ৰেমীৰ - চাহেবখানাৰ নিজৰাৰ কলকল ধ্বনিত মোহিত প্ৰকৃতি প্ৰেমী

প্ৰকৃতিৰ এক অপূৰ্ব ৰূপ ৷ প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজৰ চৰাইদেউৰ চাহেবখানাই হাত বাউলি মাতিছে পৰ্যটকক ৷ চাহেবখানাৰ নিজৰাৰ কুলু-কুলু ধ্বনিয়ে মন মোহিত কৰিছে পৰ্যটকৰ ৷

Tourist spot Sahebkhana of Charaideo
চাহেবখানাৰ নিজৰাৰ কলকল ধ্বনিত মোহিত প্ৰকৃতি প্ৰেমী

By

Published : Jul 31, 2021, 6:47 PM IST

মৰাণ, 31 জুলাই : প্ৰকৃতিৰ এক নান্দনিক ৰূপ ৷ নিজৰাৰ কুলু-কুলু ধ্বনিয়ে মন মোহিত কৰিছে দৰ্শনাৰ্থীৰ ৷ প্ৰকৃতিপ্ৰেমীক হাত বাউলি মাতিছে চৰাইদেউৰ চাহেবখানাৰ প্ৰাকৃতিক দৃশ্যই ৷

চাহেবখানাৰ এক সুকীয়া ঐতিহ্য আছে ৷ ব্ৰিটিছৰ ৰাজত্বকালত ব্ৰিটিছ আমোলাসকলে অৱসৰ বিনোদন কৰিছিল এই চাহেবখানা তথা নুনমাটিৰ নিজৰাত ৷ যাৰ বাবে সকলোৰে চিৰ পৰিচিত এই নিজৰাটি ৷

উল্লেখ্য যে, প্ৰকৃতিৰ অপূৰ্ব নান্দনিক শোভা, জনগোষ্ঠীয় বৈশিষ্ট্য আৰু বিভিন্ন জীৱ-জন্তুৰ কাৰণে উত্তৰ-পূৰ্বাঞ্চলে বিশ্বৰ যিকোনো ঠাইৰ পৰ্যটকক বিশেষভাৱে আকৰ্ষণ কৰে ।

পৰ্যটনৰ অজস্ৰ সমলেৰে উপচি থকা অসম পৰ্যটনৰ এখন সম্ভাৱনাময় ক্ষেত্ৰ ৷ ইয়াৰ মাজতে চৰাইদেউ জিলাতো চিহ্নিত হৈছে বহুতো পৰ্যটনস্থলী । আহোম ৰাজত্বকালৰ প্ৰথমখন স্থায়ী ৰাজধানী তথা পাচলৈ আহোমসকলৰ পবিত্ৰ মৈদামস্থলীলৈ পৰিণত হয় চৰাইদেউৰ মৈদাম ৷

চাহেবখানাৰ নিজৰাৰ কলকল ধ্বনিত মন মোহিত প্ৰকৃতি প্ৰেমীৰ

ইতিমধ্যে পৰ্যটকৰ আকৰ্ষণৰ স্থলী হোৱাৰ সমান্তৰালকৈ আহোম যুগৰ বহুতো কীৰ্তিচিহ্নই আকৰ্ষণ কৰি আহিছে পৰ্যটকক । ইফালে অসমৰ অৰ্থনীতিৰ জ্বলন্ত সমস্যাৰাজিৰ অন্যতম নিবনুৱা সমস্যা সমাধানৰ সম্ভাৱনাময় ক্ষেত্ৰ হোৱাৰ পৰিপ্ৰেক্ষিততে বন্যপ্ৰাণী পৰ্যটন, সাংস্কৃতিক পৰ্যটন শেহতীয়াকৈ চাহ পৰ্যটন আদি ক্ষেত্ৰসমূহে নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ এনে সময়তে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ চৰাইদেউ জিলাতো সৃষ্টি হৈছে বহু পৰ্যটন ক্ষেত্ৰ ।

লগতে পঢ়ক:প্ৰকৃতিৰ নামত জীৱন উচৰ্গিত এগৰাকী বিশেষ ব্যক্তি

সেইসমূহৰ ভিতৰত চাহেবখানা অন্যতম । প্ৰথমজন অসমীয়া চাহ উদ্যোগী মণিৰাম দেৱানে স্থাপন কৰা চেংলুং চাহ বাগিচা বৰ্তমানৰ চিংলো চাহ বাগিচাৰ মাজত আছে চাহেবখানা নামৰ ঠাইখন । সোণাৰি নগৰৰপৰা শিৱসাগৰ দিশে অহাৰ পথত ধোদৰ আলিৰ কাষত অৱস্থিত চফ্ৰাই চাহ বাগিচা তিনিআলিৰপৰা প্ৰায় পাঁচ কিল’মিটাৰমান আগবাঢ়িলে পোৱা যায় নুনমাটি নিজৰা ।

এই আকৰ্ষণীয় নিজৰালৈ যোৱাৰ পথতে আছে চাহেবখানা । যি ঠাইত ব্ৰিটিছ আমোলাসকলে ভোজ-ভাত খাই অৱসৰ বিনোদন কৰাৰ পাছৰে পৰা চাহেবখানা হিচাপে ঠাইটুকুৰা পৰিচিত হৈ পৰে । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ এই চাহেবখানাৰ পৰা মাত্ৰ পাঁচশ মিটাৰমান আঁতৰত আছে নুনমাটি নিজৰা ।

প্ৰকৃতিৰ ৰম্যভূমি তথা প্ৰাকৃতিক পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই চাহেবখানা তথা নুনমাটি নিজৰালৈ বহু লোক আহি ভোজভাত খায় ৷ কিন্তু প্ৰচাৰৰ অভাৱত আজিও এই ঠাইডোখৰৰ কথা নাজানে জিলাৰ বাহিৰৰ লোকতো বাদেই স্থানীয় বহু জনতাই । চৰাইদেউ জিলা প্ৰশাসনে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত আৰু স্থানীয় লোকসকলক লগত লৈ যদি এই ঠাইডোখৰ পৰ্যটকৰ আকৰ্ষণীয়কৈ গঢ়ি তুলিব পাৰে, তেতিয়াহ’লে জিলাখনৰ পৰ্যটন উদ্যোগৰ বাবে হৈ পৰিব আশাৰ বতৰা ।

লগতে পঢ়ক:কংক্ৰিটৰ মহানগৰীত এটি সৌন্দৰ্যৰ নিজৰা

ABOUT THE AUTHOR

...view details