1 বজাৰ দহটা শীৰ্ষ সংবাদ-
Nagaland CM in Jorhat : যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে বৈঠক নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ
যোৰহাটত উপস্থিত হৈছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফি ৰিঅ’ ৷ দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক বৈঠকত মিলিত হয় ৷ যোৰহাটৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হয় এই বৈঠকখন ৷
Chirang venture school teachers protest: উত্তাল কাজলগাঁও উপায়ুক্ত কাৰ্যালয়
চিৰাঙত শনিবাৰে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকসকলে এক প্ৰতিবাদী কাৰ্যসূচী (Chirang venture school teachers protest) ৰূপায়ণ কৰে ৷ কাজলগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে প্ৰতিবাদকাৰী শিক্ষকসকলে ৷
National Highway Condition : বিহালীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ধূলিময় পৰিৱেশ
বিহালীৰ বৰগাঙত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপৰ লগতে ঘাইপথত বিৰাজ কৰিছে ধূলিময় পৰিৱেশে(Dusty Environment of NH15)। ঘাইপথৰ সমীপৰ দোকান-পোহাৰ বন্ধ কৰিবলৈ বাধ্য হৈছে ব্যৱসায়ীসকলে ৷ ঘাইপথৰ জৰাজীৰ্ণ ৰূপ আৰু ধূলিসদৃশ পৰিৱেশে জীয়াতু ভোগাইছে বৰগাংবাসী ৰাইজক ।
Press Meet : বহুকেইটা দাবীৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ সংবাদমেল
চৰকাৰলৈ বহুকেইটা দাবী উত্থাপন কৰি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসম(Indigenous Tribal Literature Meet Assam)ৰ সংবাদমেল সম্বোধন ৷ বিশেষকৈ নতুন শিক্ষানীতি প্ৰয়োগ কৰি পাঠ্যক্ৰমত মিচিং, ৰাভা, তিৱা, দেউৰী আৰু কাৰ্বি ভাষা সংযোজন কৰা দাবী জনায় জনজাতীয় সাহিত্য সভা অসমে ৷