কংগ্ৰেছ এৰি তৃণমূলত যোগদান ৰিপুন বৰাৰ
ৰাজ্যৰ ৰাজনীতিত আন এক ধুমুহাৰ সৃষ্টি কৰি দল এৰিলে প্ৰবীণ কংগ্ৰেছ নেতা ৰিপুণ বৰাই ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ দুই পৃষ্ঠাৰ দীঘলীয়া পদত্যাগ পত্ৰ পঠিয়াই দেওবাৰে কংগ্ৰেছ দলৰ পৰা বিদায় ললে ৰিপুণ বৰাই (Ripun Bora Resigns Congress)। কংগ্ৰেছ দল ত্যাগ কৰিয়েই তৃণমূল কংগ্ৰেছত যোগদান কৰিছে প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ৷
কাপোৰৰ দোকানী, মটৰ চাইকেলৰ মেকানিক হিচাপে আছিল বৰপেটাৰ দুই জেহাদী
শুকুৰবাৰে আৰক্ষীয়ে জেহাদী সংগঠনৰ লগত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল 6 জনকৈ লোকক (Jihadi members arrested in Barpeta) ৷ আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQISৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা ছয়জনৰ ভিতৰত এজন জেহাদী কাপোৰৰ দোকানী আৰু আন এজন মটৰ চাইকেলৰ মেকানিক হিচাপে কাম কৰি আছিল ৷
Road accident at Gohpur: বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত SP আৰু DC
অভিশপ্ত শনিবাৰ ৷ শনিবাৰৰ মাজনিশা দুৰ্ঘটনাত পতিত হয় এটা বিহুৱা দলৰ বাহন(Road accident at Gohpur) ৷ ফলত থিতাতে নিহত হয় বিহুৱা দলটোৰ 5 গৰাকী সদস্য (Five persons died in a road accident) ৷ আনহাতে, দেওবাৰে বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তগৰাকীয়ে ৷
অপহৰণ আৰু তাৰপাছত ধনদাবী: আৰক্ষীৰ জালত দুৰ্নীতি নিবাৰক শাখাৰ ৫ ভুৱা বিষয়া
ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াকেইগৰাকীয়ে এগৰাকী হোটেল ব্যৱসায়ীক সোধপোছৰ নামত অপহৰণ কৰি ধনদাবী কৰাৰ অভিযোগ উঠিছে ৷ কিন্তু বৰপেটা আৰক্ষীয়ে পৰিয়ালৰ অভিযোগৰ ভিত্তিত অভিযান চলাই ৰঙিয়াৰ পৰা আটক কৰে দুৰ্নীতি নিবাৰক শাখাৰ(Anti-Corruption & Crime Control Bureau) ভুৱা বিষয়াকেইগৰাকীক ৷
মোডীৰ অসম প্ৰীতি: বানৰ ক্ষতিপূৰণৰ নামত ১০১৮ কোটি টকাৰ বিপৰীতে দিলে ৫১.৫৩ কোটি টকা
2021-22 চনত বানত হোৱা ক্ষয়ক্ষতিৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা 1,018.19 কোটি টকাৰ সহায় বিচাৰি আবেদন জনাইছিল (Assam government asking flood aid) । পিছে কেন্দ্ৰই বানৰ ক্ষতিপূৰণৰ বাবে আবেদন জনোৱা পুঁজিৰ মাত্ৰ 5 শতাংশহে আবণ্টন দিছে ৷ ইফালে গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, বিহাৰ, পশ্চিমবংগক দিছে বৃহৎ পৰিমাণৰ পুঁজি ।