আকৌ ক'ত ওলাল প্লাষ্টিকৰ চাউল ?
বঙাইগাঁও জিলাৰ মাণিকপুৰ সমবায় সমিতিৰ অন্তৰ্গত ডোমপাৰা পুণ্ডিবাৰীত চৰকাৰে যোগান ধৰা খাদ্য সুৰক্ষাৰ চাউলত প্লাষ্টিকৰ চাউল ওলোৱাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মাণিকপুৰ সমবায় সমিতিৰ পৰা ডোমপাৰা সুলভ মুল্যৰ দোকানী সৰ্বেশ্বৰ চৌধুৰীয়ে হিতাধিকাৰীৰ বাবে লৈ যোৱা চাউলবোৰত ওলাইছে প্লাষ্টিকৰ চাউল ।
উচ্চতম ন্যায়ালয়ত লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ শুনানি
উত্তৰপ্ৰদেশৰ লখিমপুৰ খেৰীৰ ঘটনাই ইতিমধ্যে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ভুক্তভোগীৰ পৰিয়ালৰ কাষত থিয় দিছে বহু নেতা আৰু দল সংগঠনে । ইফালে বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত গঠিত এক বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰিব ।
নাগপুৰৰ ‘বাহুবলী ফুচকা’ৰ নাম শুনিছেনে ?
নাগপুৰৰ এবিধ বিশেষ ফুচকা(Fuska), যি ফুচকা দেখিলে আপুনিও ক’ব ইয়াৰ আকৃতিৰ কথা ৷ এইবিধ ফুচকা দেশৰ ভিতৰত আটাইতকৈ বৃহৎ ফুচকা বুলি একাংশৰ মাজত প্ৰচলিত ৷
পাঁচোটা সমষ্টিতেই উন্নয়নৰ পক্ষত ভোট দিবলৈ আহ্বান সাংসদ দিলীপ শইকীয়াৰ
‘‘অসমৰ জাতি-মাটি, কৃষ্টি-সংস্কৃতি আগ্ৰাসনৰ সুযোগ দিয়া দলে সুশান্ত বৰগোহাঁই(Sushanta Borgohain)ক সমালোচনা কৰাতো হাস্যকৰ । সুশান্ত বুঢ়াগোহাঁই বৰ্তমান উন্নয়নৰ পক্ষলৈ আহিছে । বছৰ বছৰ ধৰি অসমত শাসন কৰি মিঞাক ৰঙা দলিচা পাৰি দি ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ডকে আদি কৰি সকলো সুবিধা প্ৰদান কৰা কংগ্ৰেছে তেওঁক বিশ্বাসঘাটক বুলি কোৱাতো অতিকৈ হাস্যকৰ ’’ ।
উত্তৰাখণ্ডৰ পৰা মোডীয়ে দেশবাসীলৈ উসৰ্গা কৰিব 35টা PSA oxygen plants
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে বৃহস্পতিবাৰে মুঠ ৩৫টা প্ৰেচাৰ চুইং এডচৰ্পচন অক্সিজেন প্ৰকল্প(Pressure Swing Adsorption oxygen plants)ৰ শুভাৰম্ভণি হ'ব । বৃহস্পতিবাৰে উত্তৰাখণ্ডত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi) । ঋষিকেশস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(All India Institute of Medical Sciences)ত আয়োজন কৰা অনুষ্ঠানত অক্সিজেন প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।