Moina Nayak Incident: ডিব্ৰুগড়ৰ ফেক্টৰী পৰিদৰ্শক দীনেশ চন্দ্ৰ ৰয়ক নিলম্বন
লেপেটকটা চাহ বাগিচাৰ কলঘৰৰ CTC কাটিং মেচিনত মূৰত আঘাতপ্ৰাপ্ত হোৱা শ্ৰমিক মইনা নায়কৰ(Moina Nayak Incident) চাঞ্চল্যকৰ ভয়ংকৰ ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফেক্টৰী পৰিদৰ্শক দীনেশ চন্দ্ৰ ৰয়ক চাকৰিৰ পৰা নিলম্বন । বাগিচা অঞ্চলত কৰ্তব্যত অৱহেলা কৰাৰ বাবে দীনেশ চন্দ্ৰ ৰয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ ।
Price hike in Milk: পহিলা আগষ্টৰ বৃদ্ধি পাব গাখীৰৰ দাম
মূল্যবৃদ্ধিয়ে কোঙা কৰা সৰ্বসাধাৰণ ৰাইজলৈ আহিল আন এক দুখবৰ ! পহিলা আগষ্টৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি পাব গাখীৰৰ মূল্য (Milk price hike from August in Guwahati) ৷ কিমান টকাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ গাখীৰত পঢ়ক সবিশেষ...
Man killed in train collision: শিৱসাগৰত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত এজনৰ মৃত্যু
শিৱসাগৰৰ ৰে’লৱে ষ্টেচনৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা ৷ ২০৫০৩ নম্বৰৰ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হ’ল এগৰাকী অচিনাক্ত ব্যক্তি (One died in Rajdhani Express collision)৷ ১৬/১ আৰু ১৬/২ ৰে’লৱে ট্ৰেকৰ মাজত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ শিৱসাগৰ ৰে'ল ষ্টেচনৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰ পি এফৰ জোৱানে শিমলুগুৰিস্থিত কাৰ্যালয়ৰ উচ্চ পদস্থ বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে জনালে আৰক্ষীক ৷ ঘটনাস্থলীত শিৱসাগৰ সদৰ থানাৰ আৰক্ষীৰ এটি দল মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে ৷ অৱশ্যে বৰ্তমানলৈকে ব্যক্তি গৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে ৷
Slow Loris Rescued: চন্দ্ৰপুৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ
মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰত বনবিভাগে উদ্ধাৰ কৰিলে এটা লাজুকী বান্দৰ (Slow loris rescued at Chandrapur) ৷ চন্দ্ৰপুৰৰ শিঙিমাৰীত বুধবাৰে স্থানীয় একাংশ লোকে জংঘলৰ মাজত এটা লাজুকী বান্দৰে বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ লোক উপস্থিত হৈ ৰাইজৰ সহযোগত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পিছত চন্দ্ৰপুৰ খণ্ড বন বিষয়াই আমচাং অভয়াৰণ্যত মুকলি কৰি দিয়ে লাজুকী বান্দৰটো ।
Evil of child marriage: বৰপেটাত চাইল্ড লাইনৰ তৎপৰতাত উদ্ধাৰ নাবালিকা
শেহতীয়াকৈ বৰপেটাত পোহৰলৈ আহিছে এক জঘন্য ঘটনা ৷ বৰপেটা সনকুছি গাঁৱৰ এগৰাকী নাবালিকাৰ বিবাহৰ প্ৰস্তুতি চলাইছিল পৰিয়ালে ৷ অৱশেষত চাইল্ড লাইনৰ তৎপৰতাত উদ্ধাৰ নাবালিকা ৷