Indo-China army conflict: অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ
অৰুণাচলৰ টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষ (Firing between Indian and China Army) ৷ ৯ ডিচেম্বৰৰ নিশা ভাৰতী সেনা আৰু চীনা PLA ৰ মাজত সংঘৰ্ষ হোৱা তথ্য পোহৰলৈ ৷ সংঘৰ্ষত ভাৰতীয় সেনাৰ 10-12 গৰাকী জোৱান আহত (10-12 Indian army soldier injured) ৷ সংঘৰ্ষ সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ৷ বহু সংখ্যক চীনা সৈন্যও সংঘৰ্ষত আহত হোৱাৰ সন্দেহ ৷
Assam assembly winter session: ২০ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন
পঞ্চদশ অসম বিধানসভাৰ ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনখন অহা ২০ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব (Assam assembly winter session)। বিধানসভা সচিবালয়ে ইতিমধ্যে পাঁচোটা দিনৰে কাৰ্যসূচী প্ৰকাশ কৰিছে ৷
National Yoga championship: ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাৰ বাবে ধেমাজিৰ ৬ খেলুৱৈৰ প্ৰস্তুতি
ধেমাজিবাসীৰ বাবে এক সুখবৰ । ২৬ ডিচেম্বৰ পৰা ২৮ডিচেম্বৰ ২০২২ লৈ National Yogasana Sports Federation ৰ উদ্যোগত মহাৰাষ্ট্ৰৰ নাচিকত অনুস্থিত হ'বলগীয়া চাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অসমৰ দলত স্থান লাভ কৰিছে ধেমাজিৰ ৬ গৰাকী যোগাসন খেলুৱৈয়ে । দুগৰাকীকৈ প্ৰশিক্ষকৰ তত্বাৱধানত কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে খেলুৱৈ কেইগৰাকী(Preparation for National Yoga Championship in Dhemaji) ।
Dibrugarh Firing Incident update: ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টলসহ এজনক গ্ৰেপ্তাৰ
ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টল উদ্ধাৰ (Dibrugarh Firing Incident)৷ সোমবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ধৃত অৰূপ গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত তেজপৰা গাঁৱৰ এটা নলাৰ কাষৰ পৰা লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে পিষ্টলটো (Pistol rescued used in Dibrugarh Firing Incident )৷
Phase out 2000 rupee notes; 2000 টকাৰ নোট বাতিল কৰক : ৰাজ্যসভাত দাবী বিজেপি সাংসদৰ
দেশজুৰি বন্ধ হ’ব নেকি 2000 টকাৰ নোট (Phase out 2000 rupee notes) ! সোমবাৰে ৰাজ্যসভাত 2,000 টকাৰ মুদ্ৰা নোট ক্ৰমান্বয়ে বন্ধ কৰাৰ দাবী উত্থাপন কৰে বিজেপি সাংসদ সুশীল কুমাৰ মোডীয়ে (BJP MP Sushil Kumar Modi)৷