Gujarat ne to kamaal hi kardiya: নৰেন্দ্ৰই কঠোৰ পৰিশ্ৰম কৰিছিল যাতে ভূপেন্দ্ৰই অভিলেখ ভংগ কৰিব পাৰে; মোদী
"বিজেপি গুজৰাটৰ প্ৰতিটো ঘৰ-পৰিয়ালৰ অংশ ৷ মই প্ৰতিশ্ৰুতি দিছিলোঁ যে, ভূপেন্দ্ৰই যাতে নৰেন্দ্ৰৰ অভিলেখ ভংগ কৰিব পাৰে তাৰ বাবে নৰেন্দ্ৰই নিজে কঠোৰ পৰিশ্ৰম কৰিব । ভূপেন্দ্ৰই সঁচাকৈয়ে অভিলেখ ভংগ কৰিছে ।" গুজৰাটত বিশাল বিজয়ৰ পাচত প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয় (PM Narendra Modi address from party headquarters)।
Gujarat poll results: গুজৰাটত বিৰোধীক ধূলিস্যাৎ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা বিজেপিৰ
আকৌ বিজেপিৰ চৰকাৰ ৷ বিজেপিয়ে গুজৰাটত বাকী বিৰোধীক ধূলিস্যাৎ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছে ৷ বিজেপিয়ে 156 খন আসনত জয়লাভ কৰিছে ৷ কংগ্ৰেছে 17 খন আসনত জয়লাভ কৰিছে ৷ আপে জয়লাভ কৰিছে 5 খন আসনত আৰু অন্যান্য দলৰ 4 জন প্ৰাৰ্থী জয়ী হৈছে গুজৰাটত ৷ অহা সপ্তাহত মুখ্যমন্ত্ৰী ৰূপে পুনৰ শপত ল’ব ভূপেন্দ্ৰ পেটেলে ৷
Gujarat poll results: গুজৰাটত ১২ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে
গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে কৰা মন্তব্য সঁচা প্ৰমাণিত হ’ল ৷ ভূপেন্দ্ৰই ভংগ কৰিলে নৰেন্দ্ৰৰ অভিলেখ । ১২ ডিচেম্বৰত বিশাল আয়োজনেৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে পুনৰ শপত ল’ব ভূপেন্দ্ৰ পেটেলে(Bhupendra Patel to take oath as CM) ৷ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে দেশৰ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও অংশগ্ৰহণ কৰিব এই শপতগ্ৰহণ অনুষ্ঠানত ৷
Gujrat Himachal Election : গুজৰাটবাসীয়ে শুনিলে মোদীৰ আবেদন, হিমাচলত হিন্দুত্ব বুমেৰাং
বৃহস্পতিবাৰে সম্পন্ন হয় গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা (Gujrat and HP assembly election result) । ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে গুজৰাটত বিজেপি ধুমুহাত তচনচ হৈছে বিৰোধী । আনহাতে, হিমাচলত কংগ্ৰেছৰ ওপৰত আস্থা প্ৰকাশ কৰে ৰাজ্যবাসীয়ে । গুজৰাটৰ জনসাধাৰণে মোদীৰ আবেদনত ধ্যান দিয়াৰ বিপৰীতে হিমাচলত কংগ্ৰেছৰ ওপৰত সমৰ্থনে এক ব্যতিক্ৰমী চিত্ৰপট ৰচিছে । দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ইটিভি ভাৰতৰ নেটৱৰ্ক এডিটৰ বিলাল ভাটৰ এক বিশ্লেষণ (Assembly election 2022) ।
Thieves terror in Nagaon : ফুট-গধূলিতে নগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস
অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগাঁও চহৰ (Crime in Nagaon) ৷ দিনক-দিনে যেন নগাঁৱত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক কাৰ্যকলাপ ৷ ড্ৰাগছ, হাত্যাকাণ্ডৰ পাচত এইবাৰ নগাঁৱত চিলনী চোৰে চলাইছে সন্ত্ৰাস ৷ বৃহস্পতিবাৰে নগাঁৱত ফুট-গধূলিতে সংঘটিত হয় এক চুৰিকাৰ্য (Thieves terror in Nagaon)।