Tribute to Gen Vipin Rawat: আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্যু বাৰ্ষিকী
আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্য়ু বাৰ্ষিকী (Gen Vipin Rawat death anniversary) ৷ 2021 চনৰ আজিৰ দিনটোতেই কন্নুৰত ভাৰতীয় সেনাৰ এখন Mi-17V-5 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু ঘটে জেনেৰেল ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ হেলিকপ্টাৰখনত থকা 14 গৰাকী আৰোহীৰ (CDS chopper crashed) ৷ প্ৰথম মৃত্যু বাৰ্ষিকীত জেনেৰেল বিপিন ৰাৱাটলৈ ইটিভি ভাৰত অসমৰ তৰফৰ পৰা জনালোঁ গভীৰ শ্ৰদ্ধা ৷
Ranjit Bora Murder Case : ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত ব্যৱহৃত বাইক-পিষ্টল জব্দ
গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে(Purabi Dairy employee Ranjit Bora murdered) । ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত মহানগৰ আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে(Accused arrested in Ranjit Bora murder case) ৷ বুধবাৰে মহানগৰ আৰক্ষীয়ে ৰঞ্জিত বৰা হত্যাকাণ্ডত ব্যৱহৃত বাইক, পিষ্টলো জব্দ কৰিবলৈ সক্ষম হয় ৷
Light and sound show: গান্ধী মণ্ডপত মন্ত্ৰীমণ্ডল সমন্বিতে মুখ্যমন্ত্ৰীয়ে উপভোগ কৰিলে লাইট এণ্ড ছাউণ্ড শ্ব’
গান্ধীমণ্ডপত বুধবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ বৈঠকৰ পাছতে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীবৰ্গই গান্ধীমণ্ডপ চৌহদতে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ উদ্যোগত পৰিবেশিত পোহৰ আৰু ধ্বনি প্ৰদৰ্শনী (লাইট এণ্ড ছাউণ্ড শ্ব') উপভোগ কৰে (Light and sound show)।
Tinsukia Student leader death: ক্ৰেছাৰ মেচিনত সোমাই প্ৰাক্তন ছাত্ৰনেতাৰ ৰহস্যজনক মৃত্যু
ডিমা হাচাওত ৰহস্যজনক অৱস্থাত মৃত্যু তিনিচুকীয়াৰ আছুৰ প্ৰাক্তন ছাত্ৰনেতাৰ ৷ ক্ৰেছাৰ মেচিনত সোমাই মৃত্যু সদৌ অসম ছাত্ৰ সন্থাৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ প্ৰাক্তন উপ-সভাপতি অশোক বৰশইকীয়াৰ ৷
Cabinet meeting at Gandhi Mandap: বন্ধ হ’ব গৰ্ভৱতী মহিলাৰ বাবে থকা আদৰণি সেৱা
আজি মহানগৰীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হৈ যায় কেবিনেট বৈঠক(Cabinet meeting at Gandhi Mandap) ৷ কেবিনেটত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সন্ধিয়া আয়োজন কৰা সংবাদ মেলযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM press conference in Gandhi Mandap) ৷