Assam Arunachal Border Dispute : গঠন কৰা হ'ব 12 খনকৈ 24 খন সমিতি
অসম-অৰুণাচলৰ সীমা বিবাদ (Assam Arunachal Border Dispute) সন্দৰ্ভত বুধবাৰে কইনাধৰাৰ 1 নং অতিথিশালাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ সিদ্ধান্ত । অসম-মেঘালয় সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা আৰ্হি প্ৰযোজ্য হ'ব অসম-অৰুণাচলৰ ক্ষেত্ৰত । অসম আৰু অৰুণাচল প্ৰদেশৰ 12 খনকৈ মুঠ 24 খন সমিতি গঠন কৰি দিব ৰাজ্য চৰকাৰ দুখনে । নেতৃত্বত থাকিব কেবিনেট মন্ত্ৰী ।
নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত হ'ল ৰাইজৰ দল
ৰাইজৰ দলৰ বাবে এক সু-খবৰ ৷ অৱশেষত ৰাজনৈতিক দল হিচাপে স্বীকৃতি পালে ৰাইজৰ দলে (Raijor dal recognized as a political party) ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷
Assam cabinet decisions: পকী হ’ব ৰাজ্যৰ ১০৮৫ খন কাঠৰ দলং
বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক (Assam state cabinet)৷ ৰাজ্যৰ মুঠ ১,০৮৫ খন কাঠৰ দলং পকী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । ইয়াৰ বাবে কেবিনেটে ৪,৩৬০ কোটি টকা অনুমোদন জনায় ।
71 হাজাৰ টকীয়া এক্টিভাত 15 লাখ টকীয়া পঞ্জীয়ন নম্বৰ
সকলোৰে আছে নিজা নিজা একোটা বিশেষ চখ ৷ নিজৰ চখ পূৰণৰ বাবে মানুহে যিকোনো মূল্য পৰিশোধ কৰিবলৈ সাজু ৷ এনে এক ঘটনা সংঘটিত হৈছে চণ্ডীগড়ত ৷
মহাবিদ্যালয়ৰ ছাত্ৰীলৈ 20 টকীয়া নোট দলিয়াই ৰঙাঘৰৰ আলহী যুৱক
চলন্ত গাড়ীৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰীলৈ অশ্লীল মন্তব্য যুৱকৰ ৷ ছাত্ৰীলৈ লক্ষ্য কৰি 20 টকীয়া নোট উৰুৱাইছিল যুৱকৰ এটা দলে ৷ সমগ্ৰ ঘটনাৰ ভিডিঅ’ ম’বাইলত ৰেকৰ্ড এগৰাকী প্ৰত্যক্ষদৰ্শীৰ ৷ সম্প্ৰতি ৰঙাঘৰৰ আলহী যুৱককেইজন ৷