অসম

assam

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি - Demand for increasing bus fair by 70 percent

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি
পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

By

Published : Apr 9, 2022, 9:01 AM IST

কোনো কাৰণতে বৃদ্ধি নহয় বাছৰ ভাড়া: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

70 শতাংশ ভাড়া বৃদ্ধি কৰাৰ যুক্তি গ্ৰহণযোগ্য নহয় । ক'ৰবাত কোনোৱে ভাড়া বেছিকৈ লোৱাৰ অভিযোগ পৰিবহণ বিভাগক দিলেই বাতিল হ'ব বাহনৰ অনুজ্ঞাপত্ৰ । পেট্ৰ'ল-ডিজেলৰ দাম সদায় একে নাথাকে । এতিয়া কিছু বৃদ্ধি পাইছে যদিও পাছত কমি যাব । মুঠৰ ওপৰত এতিয়া ভাড়া বৃদ্ধি নহয় (Chandra Mohan Patowary on bus fare hike) । এই মন্তব্য পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

Om Birla in Guwahati: পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত লোকসভাৰ অধ্যক্ষ

পাঁচদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Om Birla arrives Guwahati)। লোকসভাৰ অধ্যক্ষগৰাকীয়ে শনিবাৰে অসম বিধানসভাত উদ্বোধন কৰিব কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ'চিয়েছনৰ সন্মিলন । যি সন্মিলনত বিশ্বৰ ৪০ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ।

বাছৰ ভাড়া ৭০ শতাংশ বৃদ্ধিৰ দাবী মটৰ পৰিবহণ সন্থাৰ

ইন্ধনৰ মূল্যবৃদ্ধিয়ে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে প্ৰভাৱ পেলাইছে । পেট্ৰ'ল-ডিজেলৰ অভাৱনীয় আৰু ক্ৰমবৰ্ধিত মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এইবাৰ বৃদ্ধি পাব যাত্ৰীবাহী বাছৰ ভাড়া । এই সন্দৰ্ভত সদৌ অসম মটৰ পৰিবহণ সন্থাই ৰাজ্যত যাত্ৰীবাহী যান-বাহনৰ ভাড়া বৃদ্ধি কৰাৰ বাবে চৰকাৰক আহ্বান জনাই অসম চৰকাৰৰ পৰিবহণ আয়ুক্তক স্মাৰক পত্ৰ দিছে (Demand for increasing bus fair by 70 percent) ।

পানীপথত লাউডস্পীকাৰত আজান নিষিদ্ধ কৰাৰ দাবী মুছলমান অধিবক্তাৰ

লাউডস্পীকাৰত ডাঙৰকৈ ভাঁহি আজানৰ শব্দই অশান্তিৰ সৃষ্টি কৰিলে এজন মুছলমান সম্প্ৰদায়ৰ এজন লোকক (Ajan controversy in Panipat) ৷ মহম্মদ আজম নামৰ মুছলমান অধিবক্তাজনে এই লাউডস্পীকাৰবোৰ বন্ধ কৰাৰ দাবীত পানীপথৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তক লিখিত অভিযোগ দিছে বুলি জানিব পৰা গৈছে (Muslim lawyer complaint on Azaan on Loudspeaker) ৷

ভোটৰ দিন : গুৱাহাটীত স্থানীয় বন্ধ ঘোষণা চৰকাৰৰ

22 এপ্ৰিলত সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, বেংক, শৈক্ষিক প্ৰতিষ্ঠানকে আদি কৰি সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কাৰ্যালয় বন্ধ থাকিব (Public Holiday declared on April 22 for GMC election) । শুকুৰবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে ৰাজ্য চৰকাৰে ৷

দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক হ'ব উত্তৰ-পূবৰ ৰাজ্যসমূহত: অমিত শ্বাহ

উত্তৰ-পূবৰ আঠখন ৰাজ্যতে এতিয়া দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰা হ'ব ৷ বৃহস্পতিবাৰে ৩৭ সংখ্যক সংসদীয় চৰকাৰী ভাষা সমিতিৰ বৈঠকত সভাপতিত্ব কৰি শ্বাহে এই কথা সদৰি কৰে (Hindi will be made compulsory in Northeastern states) ৷

ATM Fraud in Assam: ৰাজ্যত পিয়াপি দিছে বৰ্হিঃৰাজ্যৰ প্ৰৱঞ্চকে

ৰাজ্যত এতিয়া বৰ্হিঃৰাজ্যৰ প্ৰৱঞ্চকৰ দলৰ ত্ৰাস ৷ প্ৰৱঞ্চক দলৰ টাৰ্গেট যুৱতী, মহিলা আৰু বয়োজ্যেষ্ঠ লোক ৷ প্ৰৱঞ্চনাৰে যুৱতী, মহিলা আৰু বয়োজ্যেষ্ঠৰ পৰা লুটিছে লক্ষ লক্ষ টকা ৷ তিনি প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰাৰ পাছতেই পোহৰলৈ আহিছে বহু ভয়াৱহ তথ্য (ATM fraud arrested in Barpeta)৷

শ্ৰীলংকা, নেপালৰ দৰে হ’ব নেকি ভাৰতৰ অৱস্থা ?

মূল্যবৃদ্ধিৰ বাবে দেশৰ অৱস্থা শ্ৰীলংকাৰ পিছত নেপালৰ দৰে হ’ব নেকি ভাৰতৰ অৱস্থা (indias economy heading towards becoming nepal or srilanka) ? নিতৌ বাঢ়ি অহা মূল্যবৃদ্ধিৰ প্ৰতি শংকিত হৈ এই কথা ভাবিবলৈ বাধ্য হৈ পৰিছে বহু জনগণ ৷

মহানগৰীৰ বিৰুবাৰীত নাইট্ৰ'জেন চিলিণ্ডাৰ বিস্ফোৰণ

মহানগৰীৰ বিৰুবাৰীত নাইট্ৰ'জেন চিলিণ্ডাৰ বিস্ফোৰণ ৷ বিৰুবাৰীৰ এটি অট্টালিকাত সংঘটিত এই ভয়ংকৰ বিস্ফোৰণত কথমপি প্ৰাণ ৰক্ষা পৰিল এটি পৰিয়ালৰ(Nitrogen cylinder blast in Birubari)৷

বহু বিলাসী বাহনতকৈ দামী সেই বিশেষ ঘোঁৰাটো...

ঘোঁৰাৰ বাবে এখন বিশেষ বজাৰ (Horse market of Chaiti Fair) ৷ প্ৰতিবছৰৰ দৰে এইবেলিও কাশীপুৰৰ উধম সিং নগৰৰ চেইতি মেলাত সজোৱা হৈছে এই ঘোঁৰাৰ বজাৰখন (kashipur Chaiti Fair 2022) ৷ য'ত উপলব্ধ ২১ লাখটকীয়া ঘোঁৰা ৷ আচৰিত হ'লেও কিন্তু এয়াই সত্য ৷ এখন মহিন্দ্ৰা এক্সইউভি ৭০০ গাড়ীতকৈও অধিক ব্যয়বহুল এটি ঘোঁৰা উপলদ্ধ এই বজাৰত ৷

ABOUT THE AUTHOR

...view details