অসম

assam

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি... - পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 9 AM
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Oct 6, 2021, 9:01 AM IST

জ্যোতিষীৰ দৃষ্টিৰে কেনে হ’ব শাৰদীয় দূৰ্গা পুজা !

আজি মহালয়া । জন বিশ্বাস অনুসৰি মহালয়াৰ দিনাই ধৰালৈ দেৱী দুৰ্গাৰ আগমন হয় ৷ সেই উপলক্ষে যোৰহাটতো সান্ধ্য আইনৰ সময় সমাপ্ত হোৱাৰ পিছতে পুৱাই ওলাই আহিছে ভক্তপ্ৰাণ ৰাইজ ৷ মহালয়াৰ দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ পোৱা বুলি বিশ্বাস কৰা হয় ৷ সাধাৰণৰ ৰাইজৰ বাবে মহালয়া দুৰ্গাপূজাৰ আৰম্ভণি হ’লেও জ্যোতিষ শাস্ত্ৰত ইয়াৰ আছে অন্য তাৎপৰ্য ৷ দেৱী দুর্গাৰ আগমণ আৰু গমন ওপৰত ভিত্তি কৰিয়েই হিন্দু ধর্মৰ লোকসকলে বিশ্বাস কৰি আহিছে দেশৰ পৰৱৰ্তী কাল।জ্যোতিষীৰ দৃষ্টিৰে এইবাৰ দেৱীৰ আগমণ আৰু গমনে কি সুচাইছে ? আজি মহালয়া ক্ষণত জ্যোতিষীৰ দৃষ্টিৰে কেনে হ’ব এইবাৰৰ শাৰদীয় দুৰ্গা পুজা ? জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন...

তেজপুৰত মহালয়াৰ ব্যাপক আয়োজন

আজি মহালয়া(Mahalaya) ৷ ধৰাৰ বুকুলৈ মা দুর্গা(Durga)ৰ আগমণ ঘাৰ লগে লগে দেশজুৰি বিৰাজ কৰিছে আনন্দ-উল্লাহ । মহালয়া উপলক্ষে তেজপুৰতো আনাৰস বাগান সাৰ্বজনীন দুৰ্গা পূজা(Durga Puja) কমিটীয়ে আয়োজন কৰিছে নৃত্য-গীতৰ । শিল্পী সোণালী সৰকাৰৰ নেতৃত্বত আয়োজন কৰা হৈছে দুৰ্গাৰ আৰাধনা । আনহাতে তেজপুৰ চহৰৰ বিভিন্ন দুৰ্গা পূজাৰ স্থান আৰু দেৱীৰ মন্দিৰতো পুৱাৰ পৰা আৰম্ভ হয় মহালয়াৰ প্ৰস্তুতি ৷ চাওক এই প্ৰতিবেদন...


কংগ্ৰেছ আৰু ৰাইজৰ দলে পৃথকে থাওৰাত প্ৰাৰ্থী দিয়াত উৎফুল্লিত সুশান্ত বৰগোহাঁই

এতিয়া ৰাজ্যৰ ৰাজনীতিত উপ-নিবাৰ্চনৰ বতাহ বলিছে । উপ-নিৰ্বাচনত বিজেপি বিৰোধী সকলো ৰাজনৈতিক দল একলগ হোৱাৰ কথা ৰাজহুৱা হোৱাৰ পাছতে শংকিত হৈছিল শাসক দল বিজেপি । বিশেষকৈ উজনিৰ থাওৰা সমষ্টিত । কিন্তু বিৰোধী দল সমূহৰ মাজত বহু আলোচনাৰ পাছতো তেনে পৰিবেশ দৃষ্টি নহ'ল । থাওৰাত কংগ্ৰেছ আৰু ৰাইজৰ দলে পৃথকে পৃথকে প্ৰাৰ্থী দিয়াত উৎফুল্লিত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই । পুনৰ বিজেপিৰ বিধায়ক হোৱাৰ পথ সুগম হ'ল সুশান্ত বৰগোহাঁইৰ তেনে অনুমান কৰিছে বহুতে । প্ৰাক্তন কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোঁহায়ে মঙলবাৰে সাংবাদিকৰ আগত নিজেই ক'লে মূল যুঁজ কংগ্ৰেছৰ লগত হ'ব যদিও তেওঁৰ জয় নিশ্চিত । লগতে কয়, ৰাইজৰ দলে প্ৰচাৰৰ চেষ্টা কৰিছে যদিও ৰাইজৰ দলে কংগ্ৰেছৰ ভোট ভাঙি বিজেপিক সহায় কৰিব । থাওৰাৰ ৰাইজে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চৰকাৰৰ উন্নয়নত অংশীদাৰ হ'ব বিচাৰে । পূৰ্বে থাওৰাৰ ৰাইজে কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ভোট কংগ্ৰেছক দিছিল কিন্তু এতিয়া নিবাৰ্চনৰ পৰিবেশ সম্পূৰ্ণ বেলেগ । এতিয়া ৰাইজে উন্নয়নৰ কাৰণে ভোট দিব । লগতে প্ৰাক্তন কংগ্ৰেছী বিধায়ক জনে এতিয়াও থাওৰাত কংগ্ৰেছৰ গণ ভেটি ভাল বুলি নিজেই সাংবাদিকৰ আগত স্বীকাৰ কৰিছে ।

'আইডল' কেলেংকাৰীৰ মুখ্য অভিযুক্ত ড৹ কন্দৰ্প দাসক অপসাৰণ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰণ ড৹ কন্দৰ্প দাসক । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ বৈঠকত ড৹ কন্দৰ্প দাসক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।


কৰিমগঞ্জত ওলমা দলং ছিগি কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আহত

ওলমা দলং ছিগি আহত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী । এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ চেৰাগীবজাত । ঘটনা অনুসৰি চেৰাগী হাইস্কুলৰ শিক্ষাৰ্থী সকল ওলমা দলঙেৰে ঘৰ যাবলৈ লওতেই দলংখন ছিঙি পৰে । জানিব পৰা মতে, ঘটনাত কেইবাগৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

উৎসৱ সাহিত্যক লৈ পাঠক সকলৰ মাজত হ্ৰাস পাইছে নেকি উৎকন্ঠা !

আমাৰ মাজৰ পৰা উৎসৱ সাহিত্যৰ পৰম্পৰা একেবাৰে নাইকীয়া হৈ গ'ল নেকি ? এটা কথা ন'কলেও অনুভৱ কৰিব পাৰি যে ম'বাইল, ইন্টাৰনেট সেৱাই পঢ়ুৱৈ সকলৰ মাজত ছপামাধ্যমৰ কাকত-আলোচনীৰ গুৰুত্ব কিছু পৰিমাণে হ'লেও হ্ৰাস কৰিলে ৷ শেহতীয়াভাৱে ক'ভিড সৃষ্ট পৰিবেশৰ প্ৰভাৱতো কাকত-আলোচনী প্ৰকাশ হ্ৰাস পাবলৈ ধৰিলে ৷


ভ্ৰাম্যমাণ থিয়েটাৰৰ দল সমূহক সহমতত উপনীত হোৱাৰ আহ্বান কেশৱ মহন্তৰ

নলবাৰীত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সাংগঠিনক সভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰদৰ্শন , উপনিৰ্বাচন আদি কেইবাটাও বিষয়ত মন্তব্য কৰিলে মন্ত্ৰী গৰাকীয়ে ৷


উত্তৰ প্ৰদেশৰ হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিবাদ কংগ্ৰেছৰ

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ খবৰ ল’বলৈ গৈ সোমবাৰে আটক হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা ৷ তেওঁৰ মুক্তিৰ দাবীত সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছ দলে মঙলবাৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ।


ভুৱা শিক্ষক নিযুক্তি: নগাঁৱত সৰ্বশিক্ষাৰ কৰ্মচাৰী গ্ৰেপ্তাৰ

ভুৱা শিক্ষক নিযুক্তি সন্দৰ্ভত নগাঁৱত সৰ্বশিক্ষা অভিযানৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ ৷ ৰূপহী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত সৰ্বশিক্ষাৰ অধীনত ডিষ্ট্ৰিক্ট কোৱালিটী মেনেজাৰ পদবীত নিযুক্ত হৈ আছিল কৰ্মচাৰীজন ।


ৰাইজৰ দলৰে নিসিজিল চাউল; মৰিয়নি-ভৱানীপুৰৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

উপ-নিৰ্বাচনত পাঁচটা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছে ৷ ইতিমধ্যে ঘোষণা কৰা হ’ল প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ৷

ABOUT THE AUTHOR

...view details